মৰ্মান্তিক! বন্ধুৰ বিয়াৰ পৰা বাইকেৰে ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত মৃ্ত্যু ২ বন্ধুসহ ৩ জনৰ…

নিউজ ডেস্কঃ শৈশৱৰ নলেগলে লগা বন্ধুৰ বিয়াৰ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে দুই বন্ধুসহ ৩ জন লোকে।

এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ দেৱৰীয়া জিলাত।

বন্ধুৰ বিয়াৰ অনুষ্ঠানৰ পৰা নিশা ঘৰলৈ বাইকেৰে উভতি অহাৰ সময়তে বৰহাজ-দেৱৰীয়া ঘাইপথৰ হৰনাউথা পেট্ৰ’ল পাম্পৰ সমীপত অচিনাক্ত বাহনে মহটিয়াই নিয়াত মৃত্যু ঘটে তিনিওজনৰ।

নিহত সকলক বৰহাজ থানা এলেকাৰ কৰুয়ানা নিৱাসী সুৰেন্দ্ৰ চৌহান (৪০), দুৰ্বিজয় চৌহান (২৬) আৰু ৰাজু চৌহান (৩২) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে দুৰ্বিজয় আৰু ৰাজু চৌহানৰ ঘনিষ্ঠ বন্ধুৰ দেওবাৰে আছিল প্ৰাক বিবাহৰ হালধি সমাৰোহ।

সেই অনুষ্ঠানত ভাগ লৈ নিশা বাইকেৰে ঘৰলৈ উভতিছিল দুৰ্বিজয় আৰু ৰাজু। তেওঁলোকৰ সৈতে একেখন বাইকতে আহিছিল বন্ধু বিয়াত ৰেচন সামগ্ৰী যোগান ধৰা সুৰেন্দ্ৰ চৌহানো।

তিনিওজনে একেখন বাইকেৰে আহি থকাৰ সময়তে তীব্ৰবেগী বাহনে খুন্দা মৰাত থিতাতে মৃত্যু ঘটে সুৰেন্দ্ৰ আৰু ৰাজুৰ।

ইফালে দুৰ্ঘটনাত আহত দুৰ্বিজয়ক স্থানীয় লোকে লগে লগে নিকটৱৰ্তী হাস্পতাললৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰো মৃত্যু ঘটে।

শৈশৱৰ দুই অভিন্ন বন্ধুসহ ৩ জনৰ এনে আকস্মিক মৃত্যুৱে শোকৰ ছাঁ পেলাইছে গাঁওখনত।