মৰ্মান্তিক! পিতৃৰ সৈতে আহিছিল পৰিয়ালৰ ফটকাৰ দোকানলৈ, হঠাৎ সংঘটিত অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই…

নিউজ জেস্কঃ নিজৰ ফটকাৰ দোকানত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই প্ৰাণ কাঢ়ি লৈ গ’ল পিতা-পুত্ৰৰ।

ভয়ংকৰ অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় দোকানখনত কৰ্মৰত দুজন শ্ৰমিকো।

এই শোকাবহ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ ভানিয়াম্বাডীৰ আম্বালুৰ গাঁৱৰ সমীপত

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিগত কেইবাবছৰৰ পৰা নাট্ৰাম্পল্লী চহৰৰ নিৱাসী আৰ কুমাৰে (৪৫) গাঁওখনত এখন ফটকাৰ দোকান চলাই আছিল।

দেওবাৰে দোকানলৈ পিতৃৰ সৈতে আহিছিল তেওঁৰ ১২ বছৰীয়া পুত্ৰ কে দয়ালমু্ৰ্তী।

দোকানত পিতা-পুত্ৰ আৰু দুই কৰ্মচাৰী বহি থাকোতেই হঠাৎ কেনেবাকৈ জুইৰ সূত্ৰপাত ঘটি গোটেই দোকানখন বিস্ফোৰিত হয়।

সেই সময়ত দোকানৰ ভিতৰতে আৱদ্ধ হৈ থাকি পিতৃ আৰ কুমাৰ আৰু পুত্ৰ কে দয়ালমুৰ্তীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয় যদিও কথমপি দোকানৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় কৰ্মচাৰী ভেলয়ুধাম আৰু এছ ৰমন।

দেওবাৰে দুপৰীয়া সংঘটিত এই ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপকবাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

আহত দুয়োজনক ৱানিয়াম্বাডী চহৰৰ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে জুইৰ সূত্ৰপাত কিদৰে হ’ল সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে।