মৰ্মান্তিক! ফ্লাই অভাৰত বাইক আৰোহীক প্ৰচণ্ড খুন্দা বাহনৰ, ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ তীব্ৰবেগী বাহনৰ খুন্দাত ৮০ ফুট ওখ ফ্লাই অভাৰৰ পৰা বাগৰি পৰি মৃত্যু ঘটিল ৪ জনকৈ বাইক আৰোহীৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰত।

জানিব পৰা মতে, শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। দুখন বাইকেৰে ৪ জন বাইক আৰোহী গৈ থকা সময়তে নাগপুৰ চহৰৰ সক্কাৰদৰা ফ্লাইঅভাৰত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে বাইক দুখনত খুন্দা মাৰে।

biker died
মৰ্মান্তিক! ফ্লাই অভাৰত বাইক আৰোহীক প্ৰচণ্ড খুন্দা বাহনৰ, ৪ জনৰ মৃত্যু 2

যাৰ ফলত ফ্লাই অভাৰৰ পৰা বাগৰি তলত পৰা ৪ বাইক আৰোহী। দুৰ্ঘটনাত আটাই কেইজনৰে মৃত্যু ঘটে। ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন ৪ জন।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত বাহনখনৰ চালকজনকো আটক কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নিচাসক্ত অৱস্থাত আছিল চাৰিচকীয়া বাহনখনৰ চালকজনক। যাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাইকত খুন্দা মাৰে।