Busan International Film Festivalত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ নতুন ছবি ‘তৰাজ হাছবেণ্ড’…

আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ছবি নিৰ্মাতা ৰীমা দাসৰ আন এক সফলতা।

এছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱ ‘Busan International Film Festival’ত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ নতুন ছবি ‘তৰাজ হাছবেণ্ড’।

অক্টোবৰ মাহৰ ৫ তাৰিখৰ পৰা ১৪ তাৰিখলৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ব এই মহোৎসৱখন।

image 73
Busan International Film Festivalত প্ৰদৰ্শিত হ'ব ৰীমা দাসৰ নতুন ছবি 'তৰাজ হাছবেণ্ড'... 3

দেওবাৰে সন্মানীয় টৰোণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল (TIFF) ত দৃশ্যগৃহণ (প্ৰদৰ্শিত ) হোৱাৰ পাছত আগন্তুক অক্টোবৰ মাহত এছিয়া মহাদেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱ BIFFত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ নতুন ফিল্ম ‘তৰাজ হাছবেণ্ড’।

‘A window on Asian cinema’ শীৰ্ষক এক বিশেষ শাখাত দেখুওৱা হ’ব ‘তৰাজ হাছবেণ্ড’।

image 74
Busan International Film Festivalত প্ৰদৰ্শিত হ'ব ৰীমা দাসৰ নতুন ছবি 'তৰাজ হাছবেণ্ড'... 4

উল্লেখ্য যে, ৰীমা দাসৰ নিৰ্মিত দ্বিতীয়টো ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ’এ ২০১৭ চনত TIFFত বিশ্ব প্ৰিমিয়াৰ হৈছিল আৰু ছবিখনে আন্তৰ্জাতিক প্ৰশংসাও লাভ কৰিছিল। এই ছবিখন অস্কাৰত শ্ৰেষ্ঠ বিদেশী ভাষাৰ শ্ৰেণীত ভাৰতৰ আনুষ্ঠানিক নিৰ্বাচন আছিল আৰু শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

ৰীমা দাসৰ আন এক ছবি ‘বুলবুল কেন ছিং’য়েও ২০১৮ চনত TIFFত বিশ্বব্যাপী আত্মপ্ৰকাশ কৰিছিল।

‘তৰাজ হাছবেণ্ড’ ছবিটো তেওঁৰ তৃতীয়টো চলচ্চিত্ৰ যিয়ে TIFFত প্ৰথমবাৰৰ বাবে বিশ্ব প্ৰদৰ্শন লাভ কৰিব।