মৰ্মান্তিক! পুত্ৰ-কন্যাৰ জন্মদিনৰ দিনাই আহিল দুঃসংবাদ, ছিক্কিমত শ্বহীদ ভাৰতীয় সেনাৰ জোৱান চৰণ সিং…

নিউজ ডেস্কঃ শুকুৰবাৰে ঘৰত উদযাপন কৰা হৈছিল যমজ পুত্ৰ-কন্যাৰ জন্মদিন। কিন্তু জন্মদিনৰ উলহ-মালহৰ মাজতে আহিল সেই দুঃসংবাদ!

উত্তৰ ছিক্কিমৰ গেমা অঞ্চলত শুকুৰবাৰে সেনাৰ ট্ৰাক দুৰ্ঘটনাত শ্বহীদ হ’ল উত্তৰ প্ৰদেশৰ ললিতপুৰৰ নিৱাসী সেনা জোৱান চৰণ সিঙো।

ঘৰত দুই সন্তানৰ জন্মদিন উদযাপনৰ সময়তে পৰিয়ালে জোৱানজনৰ শ্বহীদ হোৱাৰ খবৰ লাভ কৰি শোকত ব্যাকুল হৈ পৰে।

উল্লেখ্য যে, ললিতপুৰৰ সৌজানা চহৰৰ থাক্ৰাছৰ নিৱাসী চৰণ সিঙে (৩৫) ২০০৪ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল।

বৰ্তমান সেনাৰ ২৬ নায়ক ইউনিটত ছিক্কিমত কৰ্তব্যৰত হৈ আছিল জোৱানগৰাকী।

charan singh
মৰ্মান্তিক! পুত্ৰ-কন্যাৰ জন্মদিনৰ দিনাই আহিল দুঃসংবাদ, ছিক্কিমত শ্বহীদ ভাৰতীয় সেনাৰ জোৱান চৰণ সিং… 2

জানিব পৰা মতে, দুমাহ পূৰ্বে তেওঁ ছুটিত আহিছিল ঘৰলৈ। তাত এমাহ থকাৰ পিছত ১ ডিচেম্বৰত পুনৰ কৰ্তব্যস্থলী ছিক্কিমলৈ উভতি আহিছিল।

ইফালে দুই যমজ সন্তানৰ জন্মদিনৰ বাবে বৃহস্পতিবাৰে নিশাই তেওঁ ফোন কৰি পুত্ৰ-কন্যাক জনাইছিল জন্মদিনৰ শুভেচ্ছা।

শুকুৰবাৰে ঘৰত জন্মদিন উপলক্ষে আয়োজন কৰা হৈছিল অনুষ্ঠানৰ। ঘৰলৈ নিমন্ত্ৰণ জনোৱা হৈছিল ওচৰ চুবুৰীয়াক।

কিন্তু জন্মদিনৰ এনে সুখৰ পৰিৱেশৰ মাজতে চৰণ সিঙ শ্বহীদ হোৱাৰ খবৰ লাভ কৰাত ভাগি পৰে পৰিয়ালটো।

জোৱানজনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলায়।

দেওবাৰে শ্বহীদ জোৱান চৰণ সিঙৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।