চলন্ত ৰে’লৰ ভিতৰত সন্তান প্ৰসৱ প্ৰসূতি মহিলাৰ! লাগিল হাহাকাৰ…

নিউজ ডেস্কঃ চলন্ত ৰে’লৰ ভিতৰতে সন্তান প্ৰসৱ কৰিলে এগৰাকী প্ৰসূতি মহিলাই।

এই ঘটনা সংঘটিত হৈছে উজনিমুৱা বাংগালুৰু-ডিব্ৰুগড় এক্সপ্ৰেছত।

ৰে’লযাত্ৰাৰ সময়তে ৰবিনা লিম্বু নামৰ মহিলাগৰাকীয়ে প্ৰসৱ কৰে এটি কন্যা সন্তান।

জানিব পৰা মতে, বাংগালুৰু-এক্সপ্ৰেছ ৰে’লযোগে ৰবিনা লম্বু নামৰ প্ৰসূতি মহিলাগৰাকীয়ে স্বামী দীপক চুব্বাৰ সৈতে যাত্ৰা কৰি থকাৰ সময়তে প্ৰসৱ বেদনা অনুভৱ কৰে।

আৰু ক্ষন্তেক সময় পিছতে ফৰকাটিং জংচনত এটি কন্যা সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে।

ইফালে ৰে’লৰ ভিতৰত এনেদৰে সন্তান প্ৰসৱ কৰাৰ পিছত কিছুসময়ৰ বাবে হুৱাদুৱা লাগে ৰে’লখনত।

পৰৱৰ্তী সময়ত ৰে’ল বিভাগৰ চিকিৎসক, ষ্টেছন মাষ্টৰ আৰু ৰে’লৱেৰ বিষয়া-কৰ্মচাৰীৰ তৎপৰাত শিশুটি আৰু মাতৃক এম্বুলেন্সযোগে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান মাতৃ-কন্যা দুয়োজন সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে।