মৰ্মান্তিক! পুখুৰীত গা ধুবলৈ গৈ দুই চিকিৎসক তথা অভিযন্তা ভাতৃৰ সলিল সমাধি

নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা।

পুখুৰীত গা ধুবলৈ গৈ মৃত্যু ঘটিল দুই সম্পৰ্কীয় ভাতৃৰ।

ইয়াৰে এজন চিকিৎসক আৰু আনজন অভিযন্তা।

বজালী জিলাৰ সৰুপেটাৰ টাংলাপাৰাত সংঘটিত হৈছে এক শােকাৱহ ঘটনা।

জানিব পৰা মতে, ডাঃ সুৰজিত তালুকদাৰ (২৭) আৰু সম্পৰ্কীয় ভাতৃ অভিযন্তা কুমাৰেশ দাস(২৮)য়ে এটা পুখুৰীত গা-ধুবলৈ গৈছিল।

মৰ্মান্তিক! পানীভৰ্তি বাল্টিত সোমাই ১০ মহীয়া শিশুৰ মৃত্যু

কিন্তু দুৰ্ভাগ্যবশতঃ কিছু সময় পাছত দুয়োৰে মৃতদেহ পুখুৰীৰ পানীত ওপঙি উঠে।

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত সৰুপেটা আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰা মতে, অৱসৰপ্ৰাপ্ত শিক্ষক ভগৱান তালুকদাৰৰ পুত্ৰ সুৰজিত তালুকদাৰ। তেওঁ বজালী জিলাৰ এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল।

আনহাতে, কুমাৰেশ দাস কটন বিশ্ববিদ্যালয়ৰ নিৰ্মাণ বিভাগত কৰ্মৰত।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment