অসমঅসমীয়া

ATM ৰ টকা ভৰােৱা কাৰ্যত নিয়ােজিত নিৰাপত্তাৰক্ষীৰ বন্দুকৰ নলীৰ পৰা ওলাল টকা!

নিউজ ডেস্ক। সৰিয়হৰ ডুলিতে ভূত! হয়! হয়, এক আজব চুৰি কাৰ্য সংঘটিত হৈছে ৰাজহুৱা খণ্ডৰ বেংকত। এই চুৰি কাৰ্যৰ সৈতে জড়িত স্বয়ং বেংকৰে নিৰাপত্তাৰক্ষী।

ডিব্ৰুগড়ত পঞ্জাৱ নেশ্যনেল বেংকত ফাদিল হৈছে এই আজব ঘটনা।

বন্দুকৰ নলীৰে গুলী নহয়, ওলাইছে বান্দুলে বান্দুলে টকা। এই কাণ্ড সংঘটিত কৰিছে এটিএমত টকা ভৰোৱাৰ দায়িত্বত থকা চিকিউৰিটি গাৰ্ডে।

অভিনৱ কৌশলৰে বেংকৰ নিৰাপত্তাৰক্ষীয়ে সৰকালে বৃহৎ পৰিমাণৰ টকা।

উৎপল গোঁহাই নামৰ চিকিউৰিটি গাৰ্ডে অভিনৱ কৌশলেৰে বন্দুকৰ বেৰেলেৰে হৰলুকী কৰি আহিছিল বহু পৰিমাণৰ টকা।

অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে অভিযোগ দিয়াৰ পিছতে আৰক্ষীৰ তদন্তত ফাদিল হয় এই সমগ্ৰ ৰহস্য।

Leave a Reply

Your email address will not be published. Required fields are marked *