অসমঅসমীয়া

মৰ্মান্তিক! পিতৃ বিয়োগৰ শোকত প্ৰাণত্যাগ একমাত্ৰ পুত্ৰৰ

নিউজ ডেস্ক। এক কৰুণ ঘটনা।

ৰুগীয়া পিতৃৰ বিয়ােগত ম্ৰিয়মান পুত্ৰৰাে পিতৃ শােকত প্ৰাণত্যাগ।

এই মৰ্মান্তিক ঘটনাই জােকাৰি গৈছে নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ কটহগুৰি অঞ্চল।

জানিব পৰা মতে, স্থানীয় সৰবৰহী ব্যক্তি তথা জ্যেষ্ঠ বিজেপি কর্মী ধীৰেন গাওখোৱাৰ বৃহস্পতিবাৰে বিয়লি নিজা বাসভৱনত মৃত্যু হয়।

G7 14
পিতা-পুত্ৰ

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।

জানিব পৰা মতে, তেওঁ বিগত কিছুদিন ধৰি অসুস্থ হৈ ঘৰতে চিকিৎসাধীন অৱস্থাত আছিল।

ইপিনে, পিতৃৰ মৃত্যুৰ শােকত ভাগি পৰে তেওঁৰ পুত্ৰ তথা ক্ষুদ্ৰ ব্যৱসায়ী গগণ গাওখােৱা।

পিতৃ শােকৰ মাজতে শােকত ভাগি পৰি অচেতন হৈ পৰে পুত্ৰ। ইয়াৰ পাছতে শুকুৰবাৰে সন্ধিয়া অকস্মাতে প্ৰাণত্যাগ কৰে পুত্ৰ গগণে।

P4 3
ধীৰেন গাওখোৱা

পৰিয়ালৰ লোকে ততাতৈয়াকৈ গগনক নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মৃত্যুৰ সময়ত গগণ গাওখােৱাৰ বয়স হৈছিল মাত্ৰ ৩৭ বছৰ।

P5 1
গগন গাওখোৱা

এই খবৰ পৰিয়াল তথা গাঁও বাসীৰ মাজত বিয়পি পৰাৰ লগে লগে হুৱাদুৱা লাগে।

পুত্ৰ গগণ গাওখোৱাই এখন সৰু গেলামালৰ দোকান দি পত্নীসহ তিনিটা এমা-ডিমা সন্তানক পোহপাল দিছিল।

দুই পিতা-পুত্ৰৰ এনে আকস্মিকত দেহাৱসানত কাল অমানিশা নামি আহিল পৰিয়াললৈ।

এনে অভাৱনীয় ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে অঞ্চলবাসীৰ মাজত। লগতে পৰিয়ালটিৰ ভৱিষ্যতকলৈও চিন্তিত হৈ পৰিছে স্থানীয় লােক।

Leave a Reply

Your email address will not be published. Required fields are marked *