মৰ্মান্তিক! পিছদিনা ঘৰলৈ ওভতাৰ কথা, তাৰ পূৰ্বে বজাৰ কৰিবলৈ গৈ বহিঃৰাজ্যত দুৰ্ঘটনাত মৃত্যু অসমৰ পুনমৰ

নিউজ ডেস্কঃ বহিঃৰাজ্যত অধ্যয়ন কৰিবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল অসমৰ এগৰাকী যুৱতীয়ে।

বাংগালুৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে অসমৰ পুনম দাস নামৰ মেধাৱী ছাত্ৰীগৰাকীৰ।

জানিব পৰা মতে, ৰঙিয়াৰ মিলনপুৰৰ নিৱাসী পুনম দাসে বাংগালুৰুৰ শ্ৰীকৃষ্ণ ইনষ্টিটিউট অৱ টেকন’লজীত বি টেক্ অধ্যয়ন কৰি আছিল।

শুকুৰবাৰে তেওঁ ঘৰলৈ অহাৰ কথা আছিল।

সেইবাবেই বৃহস্পতিবাৰে বজাৰ কৰিবলৈ যাওতেই তেওঁৰ গাৰ ওপৰৰে পাৰ হয় যায় এখন দ্ৰুতবেগী বাছ।

এই ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱায় পুনমে।

ইফালে ঘৰলৈ অহাৰ মাত্ৰ এদিন পূৰ্বে এনেদৰে পুনমে অকাল মৃত্যুক সাৱটি লোৱাত শোকত ভাগি পৰিছে পৰিয়াল।

মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৱে সমগ্ৰ ৰঙিয়াতে গভীৰ শোকৰ ছাঁ পেলাইছে।