মৰ্মান্তিক! পাংচাৰ হোৱা টায়াৰ সলাবলৈ ৰখাই থোৱা বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, ৪ শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰাবাঁকী জিলাত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে ১৪ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহবোৰ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত বাৰাবাঁকীৰ বাহৰাইচ ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। ৰাজপথত টায়াৰ সলনি কৰিবৰ বাবে ৰখাই থোৱা এখন ডবল ডেকাৰ বাছত এখন দ্ৰুতবেগী ট্ৰাকে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

image 23
মৰ্মান্তিক! পাংচাৰ হোৱা টায়াৰ সলাবলৈ ৰখাই থোৱা বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, ৪ শ্ৰমিকৰ মৃত্যু 3

দুৰ্ঘটনাটোত ৪ জন লোকৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন ১৪ জন যাত্ৰী। আহত সকলক আৰক্ষী আৰু স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। আহত ৪ জনৰ অৱস্থা অধিক সংকটজনক হোৱাত তেওঁলোকক লক্ষ্ণৌ কেজিএমইু ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৰূপেদিহাৰ পৰা গোৱালৈ গৈ থকা শ্ৰমিক ভৰ্তি বাছখন মাহাঙ্গুপুৰ গাঁৱৰ ওচৰত টায়াৰ পাংচাৰ হোৱাত বাছ চালকজনে ৰাজপথৰ কাষত বাছখন ৰখাই টায়াৰ সলনি কৰিবলৈ লঁওতেই এই কৰুণ ঘটনাটো সংঘটিত হয়।

image 24
মৰ্মান্তিক! পাংচাৰ হোৱা টায়াৰ সলাবলৈ ৰখাই থোৱা বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, ৪ শ্ৰমিকৰ মৃত্যু 4

দুৰ্ঘটনাৰ শব্দ শুনি গাওঁবাসী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে চিকিৎসকে চাৰিজন যাত্ৰীক মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।