পুনৰ আলফা(স্বাঃ)ৰ শিবিৰৰ পৰা ৪ সদস্যৰ পলায়ন…

পুনৰ আলফা(স্বাঃ)ৰ শিবিৰৰ পৰা সদস্যৰ পলায়ন।

ম্যানমাৰৰ চলমান শিবিৰৰ পৰা পলায়ন আলফা স্বাধীনৰ ৪ সদস্যৰ।

বৃহস্পতিবাৰে শিবিৰৰ পৰা পলায়ন কৰে সদস্য কেইগৰাকীয়ে।

পলায়ন কৰা সদস্য কেইগৰাকী হৈছে- মাধৱ অসম আৰু গিৰীশ অসম।

বৰ্তমানেও জানিব পৰা হোৱা নাই আন দুগৰাকী সদস্যৰ নাম।

উল্লেখ্য যে, দুদিন পূৰ্বে একেটা শিবিৰৰ পৰা পলায়ন কৰিছিল আলফা সদস্য ছাইফুল ইছলাম ওৰফে ৰিহন অসমে।

কিন্তু আলফাৰ টহলদাৰী গোটৰ হাতত ধৰা পৰে ছাইফুল।

সংগঠনৰ নীতিৰ বিৰুদ্ধে কৰা ছাইফুলৰ এই দোষৰ বাবে অৱশেষত মৃত্যুদণ্ড বিহে আলফা স্বাধীনে।