মৰ্মান্তিক! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই শিশুসহ পিতৃ-মাতৃয়ে

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল দুটি শিশুসহ একেটা পৰিয়ালৰ ৪ সদস্যৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন দুটি শিশু। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে তেলেংগানাৰ নিজামাবাদ সীমান্তৰ ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথত।

জানিব পৰা মতে, বুধবাৰে পুৱা ৪শিশুসহ একেটা পৰিয়ালৰ ৬ সদস্যই হায়দৰাবাদাৰ টোলী চোকীৰ পৰা নিৰ্মল অভিমুখে গৈ থকাৰ সময়তে নিজামাবাদৰ ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হয়।

image 76
মৰ্মান্তিক! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই শিশুসহ পিতৃ-মাতৃয়ে 2

মুপকাল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পৰিয়ালটোৱে যাত্ৰা কৰা বাহনখনে ঘাইপথৰ কোথাপল্লী গাঁৱৰ সীমাত উপনীত হোৱাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে পথৰ মাজৰ ৰেলিঙত খুন্দা মাৰে আৰু কেইবাবাৰো উলটি যোৱাৰ পিছত কাষৰ ৰেলিঙত খুন্দা মাৰে।

পুৱা ৬.৩০ বজাত চালকে টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। দুৰ্ঘটনাৰ ফলত দুটি শিশু আৰু পিতৃ-মাতৃৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আনহাতে গুৰুতৰভাৱে আহত আন দুটি শিশুক চিকিৎসাৰ বাবে ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰা হয়।