ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ পূৰণৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈছে চৰকাৰ।
নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনৰ এক বৈঠক অনুষ্ঠিত হয়।
বৈঠকত মুখ্যমন্ত্ৰীয়ে সমগ্র নিযুক্তি প্রক্রিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিষয়াসকলক নির্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে শীর্ষ বিষয়াসকলক লিখিত পৰীক্ষাৰ দিনা যাতে কোনো ধৰণৰ অনিয়ম সংঘটিত নহয়, তাৰ বাবে প্রয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নির্দেশ দিয়ে।
মোবাইল ফোন আদি সামগ্ৰী লৈ কোনো প্রার্থীয়ে যাতে পৰীক্ষা গৃহত প্ৰৱেশ কৰিব নোৱাৰে সেইটো সুনিশ্চিত কৰিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগৰ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।
লগতে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তক প্ৰতিখন জিলাতে আৰক্ষী অধীক্ষক পর্যায়ৰ এগৰাকী বিষয়াক জিলাখনৰ সকলো পৰীক্ষা কেন্দ্ৰৰ সুৰক্ষাৰ সামগ্রিক দায়িত্ব প্রদান কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি প্ৰতিটো কেন্দ্রতে উপ পৰিদর্শক পর্যায়ৰ একো একোগৰাকী বিষয়াক দায়িত্ব দিবলৈ নির্দেশ দিয়ে।
উল্লেখ্য যে, অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ দ্বাৰা এই পৰীক্ষা অনুষ্ঠিত হ’ব। অহা ২১ আগষ্টত চতুৰ্থ বৰ্গৰ আৰু অহা ২৮ আগষ্টত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
অসৎ উপাই অৱলম্বন কৰা, উৰা বাতৰি বিয়পোৱা দৰে প্ৰথাৰ আশ্ৰয় লোৱা সকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীল নীতি গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে