
মৰ্মান্তিক! পথাৰত কাম কৰিবলৈ যোৱা দুই ভাতৃৰ বজ্ৰপাতত মৃত্যু…
এক শোকাৱহ ঘটনা।
পথাৰত কাম কৰিবলৈ যোৱা দুই ভাতৃৰ বজ্ৰপাতত মৃত্যু।
বাক্সাৰ নাগ্ৰীজুলিৰ খাটাৰবাৰী গাঁওত সংঘটিত হৈছে এক শোকাবাহ ঘটনা।
শনিবাৰে আবেলি প্ৰায় তিনি বজাত দুই ভাতৃৰ বজ্ৰপাতৰ ফলত কৰুণ মৃত্যু হয়।
মৃত ভাতৃদ্বয় হৈছে- ৫৫ বছৰীয়া কৰ্ণেল বড়ো আৰু ৪৪ বছৰীয়া স্বগদাৰ বড়ো।
দুই ভাতৃয়ে পথাৰত খেতিৰ কাম কৰিবলৈ গৈছিল। তেনে অৱস্থাতে বৰষুণ অহাত দুয়ো এডাল বগৰী গছৰ তলত আশ্ৰয় লয়।
তেতিয়াই বজ্ৰপাত হোৱাত দুই ভাতৃৰ কৰুণ মৃত্যু ঘটে।
নাগ্ৰীজুলি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে।





