কেইবামাহৰো অন্তত আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ব চূড়ান্ত বৰ্ষৰ পাঠদান।
স্নাতকোত্তৰ , স্নাতক, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হব।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ১ ছেপ্তেম্বৰ তাৰিখে সদৰি কৰিছিল নতুন এছ অ পি।
নতুন নিৰ্দেশনা অনুসৰি ৬ ছেপ্তেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰাই শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ কথা সদৰি কৰিছিল।
এটা শ্ৰেণীত ৩০ জন ছাত্ৰ- ছাত্ৰীহে উপস্থিত থকাৰ অনুমতি।
সেই উদ্দেশ্যে ১ ছেপ্তেম্বৰ তাৰিখৰে পৰা শিক্ষানুষ্ঠান সকলৰ মুৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰস্তুত কৰিব লাগিব বুলি মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰিছিল।
শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত প্ৰথম পালি ভেকচিন লোৱাতো বাধ্যতামূলক।
প্ৰথম পালি ভেকচিন লৈহে শিক্ষানুষ্ঠানলৈ অহাৰ অনুমতি শিক্ষক সকলক।
যদি কোনো শিক্ষাৰ্থীয়ে হোষ্টেলত থাকিব বিচাৰে তেনেহ’লে দুই পালি ভেকচিন ল’ব লাগিব।
আনহাতে হোষ্টেলৰ আৱাসী, ৱাৰ্ডেন, ৰান্ধনি সকলোৱে দুয়ো পালি ভেকচিন লোৱাতো বাধ্যতামূলক ।
এই সকলোবোৰ ক’ভিডৰ নিয়ম মানি ৰাজ্যত আজিৰে পৰা খোল খালে শিক্ষানুষ্ঠানসমূহ।
মহাবিদ্যালয়ৰ প্ৰৱেশ পথত ছাত্ৰ ছাত্ৰী সকলক হেণ্ড চেনিটাইজ কৰোৱাৰ ব্যৱস্থাও কৰিছে।
আনহাতে ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুসপ্তাহ পাছত ৰাজ্যত আৰম্ভ হ’ব পাৰে দশম শ্ৰেণীৰ পাঠদান।
নতুন দিল্লীত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।









