৯ ছেপ্তেম্বৰত নিজৰ জন্মদিন উদযাপন কৰা নহ’ল ৰিদিশাৰ! ভুল চিকিৎসাৰ বাবে হেৰুৱালে প্ৰাণ…

চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত সংঘটিত হৈছে এক কৰুণ ঘটনা।

চিকিৎসকৰ ভুল চিকিৎসাৰ বাৱেই প্ৰাণ হেৰুৱালে এগৰাকী ৭ বছৰীয়া কণমানিয়ে৷

নাজিৰাৰ গেলেকীৰ পংকজ দুৱৰা আৰু সুস্মিতা হাজৰিকা দুৱৰাৰ একমাত্ৰ কন্যা ৰিদিশা প্ৰিয়া দুৱৰাৰ জ্বৰ হোৱাত পৰিয়ালৰ লোকে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে কণমানিজনীৰ উন্নত চিকিৎসাৰ বাৱে সোণাৰিৰ ৰজাপুখুৰীতস্থিত মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

কিন্তু ৰজাপুখুৰীত চিকিৎসক নোহোৱাত সাপেখাতীত ঘৰ ভাড়া কৰি চিকিৎসা সেৱা আগৱঢ়াই থকা চিকিৎসক তথা শিৱসাগৰ ডিমৌৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ এছ উল্লাৰ ওচৰত কণমানিজনীক চিকিৎাসৰ বাবে লৈ যায়৷

পৰিয়ালৰ লোকে সাপেখাতী চিকিৎসালয়ৰ নিদান পত্ৰ দেখুৱাই চিকিৎসকক একেটা বেজী নিদিবলৈ অনুৰোধ কৰাৰ পিছতো কণমানিজনীক একেটা বেজী প্ৰদান কৰাৰ পিছতেই চিকিৎসকগৰাকীয়ে কণমানিজনীক লৈ ঘৰলৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে৷

কিন্তু কণমানিজনী সহ পৰিয়ালৰ লোকে ঘৰত উপস্থিত হোৱাৰ কিছুসময় পাছতেই কৰুণ মৃত্যুক আকোঁৱালি লয় ৰিদিশাই৷ 

লগে লগে পৰিয়ালৰ লোকে মৃতদেহসহ চিকিৎসকগৰাকীৰ কাষত উপস্থিত হৈ ৰিদিশাৰ মৃত্যুৰ কাৰণ জানিব বিচৰাত চিকিৎসক গৰাকীয়ে তেওঁৰ চিকিৎসাৰ ফলত কণমানিজনীৰ মৃত্যু হোৱা নাই বুলি দাবী কৰে৷

ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে চিকিৎসকগৰাকীৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ৷

উল্লেখ্য যে কণমানি ৰিদিশাই অহা ৯ ছেপ্তেম্বৰত নিজৰ জন্মদিনটো আইতাকৰ চাকৰি সূত্ৰে থকা অৰুণাচল প্ৰদেশৰ কানুবাৰীৰ বাসগৃহত উদযাপন কৰাৰ উদ্দেশ্যে যোৱা ১৪ আগষ্টত নাজিৰা গেলেকীৰ নিজা বাসগৃহৰ পৰা আহি আইতাকৰ ওচৰত আছিল।

কণমানিজনীৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

আনহাতে সাপেখাতীত অবৈধভাৱে ঘৰ ভাড়া কৰি চিকিৎসা সেৱা আগৱঢ়াই থকা চিকিৎসকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে সচেতন মহলে।

Leave a Comment