মৰ্মান্তিক! নিৰ্মীয়মাণ লোহাৰ গেট মূৰত পৰি মৃত্যু উদীয়মান আৰ্চাৰ মানস সৰকাৰৰ

নিউজ ডেস্কঃ নিজৰ ঘৰৰ সন্মুখৰ নিৰ্মীয়মাণ লোহাৰ গেট গাৰ ওপৰত পৰি এগৰাকী উদীয়মান আৰ্চাৰৰ মৃত্যু ঘটাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে বঙাইগাঁৱত।

উল্লেখ্য যে, যোৱা ১৯ জুলাইত নিজৰ ঘৰৰ সন্মুখৰ লোহাৰ গেটখন খুলিবলৈ লওতেই গাৰ ওপৰত পৰি গুৰুতৰভাৱে আহত হৈছিল ৰয়েল আৰ্চাৰী একাডেমীৰ চেমনীয়া প্ৰশিক্ষাৰ্থী মানস আৰ্চাৰ।

জানিব পৰা মতে, ১৯ জুলাইৰ বিয়লি মানসে পিতৃ কৈলাশ সৰকাৰৰ সৈতে টিউচনৰ পৰা ঘৰলৈ উভতিছিল। ঘৰৰ সন্মুখ পাই মানসে গাড়ীৰ পৰা নামি গেটখন খুলিবলৈ লৈছিল। সেই সময়ত গাড়ীৰ ভিতৰতে আছিল পিতৃ কৈলাশ সৰকাৰ।

কিন্তু নিৰ্মীয়মাণ গেটখন খুলিবলৈ লওতেই লোৰ গেটখন গাৰ ওপৰত পৰি মূৰ আৰু কপালত গুৰুতৰভাৱে আঘাত পায় মানসে। লগে লগে পিতৃয়ে তেওঁক বঙাইগাঁৱৰ হাস্পতাললৈ লৈ যায়। তাৰ পৰা পৰৱৰ্তী সময়ত ল’ৱাৰ আছাম হাস্পতালত ভৰ্তি কৰোৱা হয় মানসক।

manash
মৰ্মান্তিক! নিৰ্মীয়মাণ লোহাৰ গেট মূৰত পৰি মৃত্যু উদীয়মান আৰ্চাৰ মানস সৰকাৰৰ 2

কিন্তু হাস্পতালত মানসক মৃত ঘোষণা কৰে চিকিৎসকে। উদীয়মান আৰ্চাৰ জনৰ এনে কৰুণ মৃত্যুক শোকত ভাগি পৰে পৰিয়াল তথা অঞ্চলবাসী।

উল্লেখ্য যে, মাত্ৰ চাৰিমাহ পূৰ্বে সেনা বাহিনীৰ পৰা অৱসৰ লাভ কৰি বঙাইগাঁৱৰ স্বগৃহলৈ নিগাজিকৈ থাকিবলৈ লৈছিল পিতৃ কৈলাশ সৰকাৰে। ঘৰলৈ উভতিয়েই তেওঁ সন্মুখত লোৰ গেট এখন নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। কিন্তু মিস্ত্ৰীয়ে আধা নিৰ্মাণ কৰি এৰি থৈ যোৱা লোৰ প্ৰকাণ্ড গেটথন খুলিবলৈ যাওতেই মৃত্যুক আঁকোৱালি লয় পুত্ৰ মানস সৰকাৰে।