মৰ্মান্তিক! ধৰ্মীয় অনুষ্ঠানলৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণহীন ট্ৰেইলাৰ ট্ৰাকে মহতিয়াই লৈ গ’ল ৯ ভক্তক, ৫ জনৰ থিতাতে মৃত্যু

নিউজ ডেস্কঃ ৰাজস্থানৰ লোক দেৱতা বাবা ৰামদেৱৰ নামত অনুষ্ঠিত মেলাত অংশ লোৱাৰ বাবে গৈ থকা সময়তে ৯ ভক্তক মহতিয়াই লৈ গ’ল এখন নিয়ন্ত্ৰণহীন ট্ৰেইলাৰ ট্ৰাকে। এই শোকাবহ দুৰ্ঘটনাত ৫ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে ৪ জন গুৰুতৰভাৱে আহত হয়।

ৰাজস্থানৰ যোধপুৰ সংমণ্ডলৰ পালি জিলাত সংঘটিত এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰেইলাৰ ট্ৰাকখনৰ চালকজনে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, পালি জিলাৰ ৰোহত থানা এলেকাত অনুষ্ঠিত লোক দেৱতা বাবা ৰামদেৱৰ মেলালৈ ভিলৱাড়াৰ পৰা খোজকাঢ়ি গৈ আছিল কেইবাগৰাকীও ভক্ত। সেই সময়তে দ্ৰুতবেগী এখন ট্ৰেইলাৰ ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰে খোজকাঢ়ি গৈ থকা ৯ জন ভক্তক মহতিয়াই লৈ যায়।

pali 2
মৰ্মান্তিক! ধৰ্মীয় অনুষ্ঠানলৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণহীন ট্ৰেইলাৰ ট্ৰাকে মহতিয়াই লৈ গ’ল ৯ ভক্তক, ৫ জনৰ থিতাতে মৃত্যু 2

দুৰ্ঘটনাত ৫ জন ভক্তৰ থিতাতে মৃত্যু ঘটে। ইফালে আহত সকলক স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি পালিৰ বঙাৰ হাস্পতালত ভৰ্তি কৰে।

ৰোহত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উদয় সিঙে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাত নিহত সকলক ভিলৱাড়া জিলাৰ ৰায়পুৰৰ নিৱাসী পাপ্পু, গিৰধাৰী, পৱন, পৰশ আৰু সুশীলা বুলি চিনাক্ত কাৰ হৈছে। আনহাতে আহত সকল হৈছে জগদীশ, বলুৰাম, মুকেশ আৰু নাৰায়ন।