মৰ্মান্তিক! ধৰ্মীয় শোভাযাত্ৰাত অংশ লৈ উভতি অহাৰ পথতে ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৭ জনৰ মৃত্যু…

নিউজ ডেস্কঃ ধৰ্মীয় শোভাযাত্ৰাত অংশ লৈ উভতি অহাৰ পথতে ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যুক সাৱটি ল’লে ১৭ জনকৈ লোকে।

মঙলবাৰে নিশা চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ কাভ্ৰেপালনচৌক জিলাৰ বেথানচৌক গাঁও পৰিষদ-৪ৰ চলিল গণেশস্থানত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাটোত আন ১৫ জন যাত্ৰীও গুৰুতৰভাৱে আহত হয়।

নেপাল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাছখনত থকা যাত্ৰীসকলে ব্ৰতবন্ধাৰ এক ধৰ্মীয় শোভাযাত্ৰাত অংশ লৈ ঘৰলৈ উভতিছিল।

image 90
মৰ্মান্তিক! ধৰ্মীয় শোভাযাত্ৰাত অংশ লৈ উভতি অহাৰ পথতে ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৭ জনৰ মৃত্যু… 2

সেই সময়তে তেওঁলোকৰ বাছখন নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিত বাগৰি পৰে।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সেনা আৰু আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

দুৰ্ঘটনাত ৩ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ১৪ জনৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু ঘটে।

আহত ৫-৬ জনৰ অৱস্থাও বৰ্তমান সংকটজনক হৈ আছে।

আহত সকলক শ্বিয়ৰ মেম’ৰিয়েল হাস্পতাল আৰু ধুলিখেল হাস্পতালত ভৰ্তি কৰোৱা হৈছে।