নিউজ ডেস্কঃ ফোনত কন্যাৰ সৈতে কথা পতাৰ ৫ মিনিট হৈছিল কি নহৈছিল, তেতিয়াই আহিছিল সেই দুঃসংবাদটো।
যি সংবাদ লাভ কৰি শোকত ভাগি পৰিছিল পৰিয়ালটো। ওচৰ চুবুৰীয়াৰ মাজতো নামিছিল শোকৰ বন্যা!
উত্তৰাখণ্ডৰ সীতাৰগঞ্জত সোমবাৰে বিয়লি সংঘটিত হৈছিল এক স্কুল বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এগৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু ঘটিছিল।
সোমবাৰে ঘৰৰ পৰা ডেৰ কিলোমিটাৰ নিলগত অৱস্থিত বৈদ্যৰাম সুধি সিং বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বাছেৰে ঘৰলৈ আহি থকাৰ সময়তে সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় বিদ্যালয়খনৰ সপ্তম শ্ৰেণী ছাত্ৰী জ্যোৎস্নাই।
কন্যাৰ মৃত্যুৰ খবৰ লাভ কৰি কান্দোনত ভাগি পৰা জ্যোৎস্নাৰ পিতৃ প্ৰকাশে কয়, এই দুৰ্ঘটনাৰ মাত্ৰ ৫ মিনিট পূৰ্বে ফোনত জ্যোৎস্নাৰ সৈতে কথা পাতিছিল তেওঁ।
ফোনত কথা পতাৰ সময়ত বাছ আস্থানৰ পৰা ঘৰলৈ লৈ আহিবলৈ দেউতাকক কৈছিল ছাত্ৰীগৰাকীয়ে।
কিন্তু সেয়াই যে কন্যাৰ মুখৰ পৰা শুনা শেষ কথা হ’ব সেয়া সপোনতো কল্পনা কৰা নাছিল পিতৃ-মাতৃয়ে।

মেধাৱী ছাত্ৰীগৰাকীৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হোৱা পিতৃয়ে কন্যাৰ নিথৰ দেহ বুকুত সাৱটি কান্দি উঠে।
উল্লেখ্য যে, সোমবাৰৰ এই স্কুলবাছ দুৰ্ঘটনাত ছাত্ৰী জ্যোৎস্নাৰ লগতে প্ৰাণ হেৰুৱায় বিদ্যালয়খনৰ শিক্ষয়িত্ৰী লতা গংগৱাৰে। সীতাৰগঞ্জৰ পণ্ট কলনীৰ নিৱাসী লতা গংগৱাৰে মাত্ৰ এবছৰ পূৰ্বে বিদ্যালয়খনত শিক্ষয়িত্ৰীৰূপে যোগদান কৰিছিল।
বাছ দুৰ্ঘটনাত জ্যোৎস্না আৰু লতা গংগৱাৰৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।









