চাঞ্চল্যকৰ! চিচি কেমেৰাত স্প্ৰে’ কৰি ATM ভাঙি পিকআপ ভানত উঠাই লৈ গ’ল ডকাইতৰ দলে, ৩০ কিলোমিটাৰ খেদিও কৰায়ত্ত কৰাত ব্যৰ্থ আৰক্ষী

নিউজ ডেস্কঃ ৰাজস্থানৰ ভিলৱাড়াত সংঘটিত এক চাঞ্চল্যকৰ চুৰিকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ভিলৱাড়াৰ শম্ভূগড়ত এটা এটিএমত দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি প্ৰথমে চিচি কেমেৰাত স্প্ৰে কৰাৰ পিছত পিক আপ ভানত বান্ধি উঠাই লৈ যায় এটিএম মেচিনটো।

ইফালে এই চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে ডকাইতৰ দলটোৰ ৩০ কিলোমিটাৰলৈকে খেদি যায় যদিও কৰায়ত্ত কৰাত ব্যৰ্থ হয়।

image 112
চাঞ্চল্যকৰ! চিচি কেমেৰাত স্প্ৰে’ কৰি ATM ভাঙি পিকআপ ভানত উঠাই লৈ গ’ল ডকাইতৰ দলে, ৩০ কিলোমিটাৰ খেদিও কৰায়ত্ত কৰাত ব্যৰ্থ আৰক্ষী 3

জানিব পৰা মতে, ডকাইতৰ দলে চুৰি কৰি নিয়া এটিএমটোৰ ভিতৰত আছিল ২৭ লাখ টকা।

শম্ভুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হনুমান ৰামে জনোৱা মতে, শম্ভূগড়ৰ বাছ আস্থানত থকা বেংক অৱ বৰোডাৰ এটিএমত সোমবাৰে নিশা প্ৰৱেশ কৰে ডকাইতৰ দলটোৱে।

প্ৰথমে ডকাইতৰ দলে এটিএমৰ ভিতৰত থকা চিচি কেমেৰাত স্প্ৰে’ কৰি বন্ধ কৰাৰ চেষ্টা চলায়। তাৰ পিছত এটিএম মেচিনটো এখন পিকআপ ভানত ভৰাই পলায়ন কৰে।

image 113
চাঞ্চল্যকৰ! চিচি কেমেৰাত স্প্ৰে’ কৰি ATM ভাঙি পিকআপ ভানত উঠাই লৈ গ’ল ডকাইতৰ দলে, ৩০ কিলোমিটাৰ খেদিও কৰায়ত্ত কৰাত ব্যৰ্থ আৰক্ষী 4

ইফালে এটিএমটোত সংঘটিত ডকাইতি কাণ্ডৰ সময়ত চাইৰেণ বজাত এই ডকাইতি কাণ্ডৰ বিষয়ে জানিব পাৰি এটিএমটোৰ নিৰাপত্তাত জড়িত সংস্থাই আৰক্ষীক আৱগত কৰে।

লগে লগে আৰক্ষীয়ে ততাতৈয়াকৈ উপস্থিত হৈ ডকাইতৰ দলটোৰ পিছে পিছে খেদি যায় যদিও কৰায়ত্ত কৰাত বিফল হয়। পৰৱৰ্তী সময়ত ৰাজসামন্দ আৰু আজমেৰ আৰক্ষীকো এই সন্দৰ্ভত অৱগত কৰি সমগ্ৰ অঞ্চলটোত তালাচী চলায় আৰক্ষীয়ে।

মঙলবাৰে পুৱা সেই স্থানত উপস্থিত হয় বেংকৰ বিষয়া। বিষয়াসকলে জনোৱা মতে, এটিএমত প্ৰায় ২৭ লাখ ৩১ হাজাৰ টকা আছিল। সোমবাৰে পুৱাই এটিএমত জমা হৈছিল ২৮ লাখ টকা।

মঙলবাৰে পুৱা এটিএম আৰু কাষৰীয়া অঞ্চলত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।