মৰ্মান্তিক! দুই যাত্ৰীবাহী বাছৰ ভয়ংকৰ সংঘৰ্ষ, কমেও ৯ জনৰ মৃত্যু, আহত ১৬ জন

নিউজ ডেস্কঃ দুখন ব্যক্তিগত বাছৰ সংঘৰ্ষত প্ৰাণ হেৰুৱায় ৯ জনকৈ লোকে। সোমবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত।

জানিব পৰা মতে, পুৱা বিহাৰৰ পৰা দিল্লী অভিমুখে গৈ থকা দুখন বাছ লোনিকত্ৰা থানাৰ নৰেন্দ্ৰপুৰ মাদ্ৰাহা গাঁৱৰ সমীপৰ হায়দৰগড় অঞ্চলৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত সংঘৰ্ষত লিপ্ত হয়।

image 252
মৰ্মান্তিক! দুই যাত্ৰীবাহী বাছৰ ভয়ংকৰ সংঘৰ্ষ, কমেও ৯ জনৰ মৃত্যু, আহত ১৬ জন 4

আৰক্ষীয়ে সদৰী কৰা মতে, এখন বাছ কেণ্টিনৰ সন্মুখত ৰৈ থকা অৱস্থাতে আনখন বাছে খুন্দা মৰাত দুয়োখন বাছত থকা ৯ জন যাত্ৰীৰ মৃত্যু ঘটে। আনহাতে দুৰ্ঘটনাটোত ১৬ জন লোক গুৰুতৰভাৱে আহত হয়।

image 253
মৰ্মান্তিক! দুই যাত্ৰীবাহী বাছৰ ভয়ংকৰ সংঘৰ্ষ, কমেও ৯ জনৰ মৃত্যু, আহত ১৬ জন 5

আহত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি লক্ষ্ণৌ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হয়। আহত সকলৰ ৩ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

image 254
মৰ্মান্তিক! দুই যাত্ৰীবাহী বাছৰ ভয়ংকৰ সংঘৰ্ষ, কমেও ৯ জনৰ মৃত্যু, আহত ১৬ জন 6

লক্ষ্ণৌৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ বাৰাবাংকি জিলাৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

নিহত সকলৰ পৰিয়াললৈ তেওঁ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে।