নিউজ ডেস্কঃ ইংলেণ্ডৰ ভূমিত প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নামত নামকৰণ কৰা হ’ল ক্ৰিকেট গ্ৰাউণ্ডৰ। ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ নামত নামকৰণ কৰা লেষ্টাৰৰ এই ক্ৰিকেট গ্ৰাউণ্ডখনৰ উদ্বোধন কৰে গাভাস্কাৰে নিজেই।
উল্লেখ্য যে, ইংলেণ্ডৰ লেষ্টাৰৰ এখন ক্ৰিকেট গাউণ্ডৰ নাম সলনি কৰি ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক সন্মানিত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছিল লেষ্টাৰত ভাৰত স্প’ৰ্টছ এণ্ড ক্রিকেট ক্লাবে।
আনহাতে ভাৰতীয় ক্ৰিকেটাৰগৰাকীক বিশেষ সন্মান দিয়াৰ ক্ষেত্ৰত আগভাগ লৈছিল লণ্ডনৰ সাংসদ তথা মিনিষ্টাৰ অৱ পাৰ্লিয়ামেণ্ট কীট ভাৰ্জে। তাৰ পিছতে গাভাস্কাৰৰ নামত উসৰ্গিত কৰা ক্ৰিকেট গ্ৰাউণ্ডখন উদ্বোধনৰ বাবে আমন্ত্ৰণ জনোৱা হয় ক্ৰিকেটাৰগৰাকীক।
শনিবাৰে ভাতৰৰ কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে লেষ্টাৰত নিজৰ নামত উসৰ্গিত ক্ৰিকেট গ্ৰাউণ্ডখন উদ্বোধন কৰাৰ লগতে গ্ৰাউণ্ডৰ সন্মুখত নিজৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰে। এই সময়ছোৱাত স্থানীয় কণ কণ শিশুৰ মাজত মত বিনিময় কৰে গাভাস্কাৰে।
নিজৰ নামেৰে নামকৰণ কৰা ক্ৰিকেট গ্ৰাউণ্ড উদ্বোধন কৰি আবেগিক হৈ পৰে গাভাস্কাৰ। তেওঁ কয়, ‘এয়া মোৰ বাবে বিশেষ সন্মান। আমাৰ নাতি-নাতিনীসকলে ক্রিকেট নেখেলে, তেওঁলোকে ক্রিকেট ভাল নাপায়। সিহঁতে জানে যে ককাকে ধাৰাভাষ্য দিয়ে। কিন্তু ইয়াৰ পাছত যদি কেতিয়াবা তেওঁলোক ইংলেণ্ডলৈ আহে, এই গ্রাউণ্ডখন দেখিলে তেওঁলোকে জানিব যে মই ক্রিকেটো খেলিছিলোঁ।’
উল্লেখ্য যে, ইউৰোপত গাভাস্কাৰৰ নামেৰে প্ৰথমখন ক্ৰিকেট গ্ৰাউণ্ড নামকৰণ হ’লেও ইয়াৰ পূৰ্বে আমেৰিকাৰ কেণ্টাকিটে আৰু টানজানিয়াৰ জানজিবাৰত গাভাস্কাৰৰ নামত দুখনকৈ ক্ৰেকেট গ্ৰাউণ্ড উচৰ্গা কৰা হৈছিল।