মৰ্মান্তিক! তীব্ৰবেগত আহি সাংসদ পুত্ৰই হঠাৎ মাৰি দিলে ব্ৰেক, ইষ্টাৰৰ বজাৰ কৰি উভতি অহা বাইক আৰোহী দুই ভাতৃৰ মৃত্যু…

নিউজ ডেস্কঃ ভয়ংকৰ দুৰ্ঘটনাত দুই ভাতৃৰ মৃত্যুৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে কেৰালা কংগ্ৰেছৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ জোচ কে মণিৰ ১৯ বৰ্ষীয় পুত্ৰক।

শনিবাৰে নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সাংসদ পুত্ৰ কে এম মণি জুনিয়ৰে নিজেই গাড়ী চলাই আছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে।

অৱশ্যে গ্ৰেপ্তাৰ কৰা কে এম মণি জুনিয়ৰক পৰৱৰ্তী সময়ত জামিনত মুকলি কৰি দিয়া হয়।

জানিব পৰা মতে, শনিবাৰে নিশা কোট্টায়ম জিলাত সংঘটিত হয় এই দুৰ্ঘটনা।

সাংসদপুত্ৰই তীব্ৰবেগত চলাই অহা ইন’ভাখনত আকস্মিকভাৱে ব্ৰেক মৰাত পিছফালে আহি থকা বাইক আৰোহী দুই ভাতৃয়ে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱক দুজনক লগে লগে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও দেওবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে দুই ভাতৃৰ।

নিহত যুৱক দুজনক মেথিউ জন আৰু জিন্স বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ঘৰত আয়োজিত ইষ্টাৰৰ বাবে বজাৰ কৰি উভতি অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে দুৰ্ঘটনাৰ সময়ত মণিমালাত থকা ভগ্নীক লগ কৰি উভতি আহিছিল সাংসদ পুত্ৰ কে এম মণি জুনিয়ৰ।

দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি গাফিলতিৰ অভিযোগত কে এম মণি জুনিয়ৰক ভাৰতীয় দণ্ডবিধিৰ ৩০৪ এ ধাৰাত গ্ৰেপ্তাৰ কৰে।

অৱশ্যে পৰৱৰ্তী সময়ত জামিন লাভ কৰে সাংসদ পুত্ৰগৰাকীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।