উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়! স্বামীক ‘কাপুৰুষ’ বুলিলে বা বলপূৰ্বকভাৱে পিতৃ-মাতৃৰ পৰা আঁতৰাই নিব বিচাৰিলে পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিব পাৰিব স্বামীয়েও…

নিউজ ডেস্কঃ পত্নীৰ মানসিক অত্যাচাৰৰ সন্মুখীন হোৱা পুৰুষলৈ ডাঙৰ সকাহ কলকতা উচ্চ ন্যায়ালয়ৰ।

পত্নীৰ মানসিক অত্যাচাৰত অতীষ্ঠ হৈ এতিয়া স্বামীয়েও কৰিব পাৰিব বিবাহ বিচ্ছেদৰ বাবে আবেদন।

এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে কলকতা উচ্চ ন্যায়ালয়ে।

ন্যায়ালয়ে লগতে কয় যে পত্নীয়ে যদি স্বামীক ‘কাপুৰুষ’, ‘নিবনুৱা’ আদি শব্দৰে বাৰে বাৰে অপমান কৰে বা বলপূৰ্বকভাৱে পিতৃ-মাতৃৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰে, তেন্তে তেনে পৰিপ্ৰেক্ষিতত বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়েও।

স্বামীৰ বিৰুদ্ধে মানসিক নিষ্ঠুৰতাৰ দোহাই দি নিম্ন আদালতৰ বিবাহ বিচ্ছেদ কৰাৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা এগৰাকী মহিলাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে ন্যায়াধীশ সৌমেন সেন আৰু ন্যায়াধীশ উদয় কুমাৰৰ বিচাৰপীঠে।

আদালতে লগতে এয়াও কয় যে ভাৰতীয় সংস্কৃতিত পিতৃ-মাতৃৰ চোৱাচিতা কৰাটো এগৰাকী পুত্ৰৰ বাবে নৈতিক দায়িত্ব। এই দায়িত্বৰ পৰা আঁতৰি যদি পিতৃ-মাতৃৰ পৰা আঁতৰি যাবলগীয়া হয় তেন্তে ইয়াৰ কোনো ন্যায্য কাৰণ থাকিব লাগিব।

উল্লেখ্য যে, ২০০১ চনৰ জুলাই মাহত পশ্চিম মিডনাপুৰ জিলাৰ পাৰিবাৰিক আদালতে স্বামীয়ে পত্নীক মানসিক নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰা বিবাদ মানি লৈ বিবাহখন ভংগ কৰিছিল।

মহিলাগৰাকীয়ে ২০০৯ চনৰ মে’ মাহত কলকাতা উচ্চ ন্যায়ালয়ত সেই আদেশক প্ৰত্যাহ্বান জনাইছিল।

এই আবেদনৰ শুনানিকালত উচ্চ ন্যায়ালয়ে প্ৰত্যক্ষ কৰে যে মহিলাগৰাকীয়ে স্বামীক কাপুৰুষ আৰু নিবনুৱা বুলি বাৰে বাৰে অপমান কৰিছিল। পত্নীৰ মানসিক অত্যাচাৰৰ বাবেই স্বামীয়ে আনকি চৰকাৰী চাকৰি পৰ্যন্ত হেৰুৱাবলগীয়া হৈছিল।

যাৰ বাবে আদালতে যুক্তি শুনানিৰ পিছত ২০০১ চনত পৰিয়াল আদালতে দিয়া বিবাহ ভংগৰ ৰায়্ক বাহাল ৰাখে।