মৰ্মান্তিক! ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৪ প্ৰৱাসী শ্ৰমিকৰ মৃত্যু…

নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি এখন যাত্ৰীবাহী বাছ বাগৰি পৰাত ৪ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আন ২৮ জন আহত হয়।

শনিবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তিপোৰাৰ গুৰিপোৰা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত।

জানিব পৰা মতে, জেকে ০২বিএ ১৮৮১ নম্বৰৰ যাত্ৰীবাহী বাছখনে পুৱা নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত কেইবাজনো যাত্ৰী আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰাৰ সময়তে মৃত্যু ঘটে ৪ জন লোকৰ।

নিহত সকলক বিহাৰৰ নাছৰুদিন আনছাৰী, ৰাজ কৰণ দাস, ছালিম আলী আৰু কৈছেৰ আলম বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, নিহত আটাইকেইজন বিহাৰৰ বাসিন্দাই জম্মু-কাশ্মীৰত শ্ৰমিক হিচাপে কৰ্মৰত আছিল।

ইফালে এই দুৰ্ঘটনাৰ পিছত উপ ৰাজ্যপাল মনোজ সিনহাই টুইটযোগে শোক প্ৰকাশ কৰে আৰু আহত সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

পুলৱামাৰ উপায়ুক্তই দুৰ্ঘটনাত নিহত সকলৰ পৰিয়ালক ১ লাখ টকাকৈ, গুৰুতৰভাৱে আহত সকলক ২৫ হাজাৰ টকা আৰু আহত সকলক ১০ হাজাৰ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।