
মহানুভৱতা! ভুলতে গাড়ীত এৰি থৈ যোৱা তিনি লাখ টকাভৰ্তি বেগ যাত্ৰীক ওভতাই দিলে ই-ৰিক্সাচালক সুশান্তই…
নিউজ ডেস্কঃ লোভত বন্দী এই সমাজত এতিয়াও যে ভাল মানুহ আছে, তাৰেই প্ৰমাণ দিলে এগৰাকী ই-ৰিক্সা চালকে।
ভুলবশতঃ যাত্ৰীয়ে ই-ৰিক্সাত এৰি থৈ যোৱা টকা ভৰ্তি বেগ পুনৰ ওভতাই দি মহানুভৱতাৰ পৰিচয় দেখুৱালে ই-ৰিক্সা চালকজনে।

এই ঘটনা নগাঁও জিলাৰ।
দৰাচলতে নগাঁও জিলাৰ কেন্দুগুৰিৰ নিৱাসী আব্দুন নুৰ নামৰ ব্যক্তিজনে তেওঁৰ মাৰ্কাজ একাডেমী নামৰ শিক্ষা প্ৰতিষ্ঠানখনৰ কেতবোৰ সামগ্ৰী কিনিবলৈ প্ৰায় ৩ লাখ ৬ হাজাৰ টকাসহ নগাঁও চহৰলৈ আহিছিল।

সন্ধিয়া তেওঁ সুশান্ত নামৰ যুৱকজনৰ ই-ৰিক্সাত উঠি হয়বৰগাঁওস্থিত তিৰুপতি মেডিকেলৰ সন্মুখতে নামিছিল।
কিন্তু নমাৰ সময়ত পাহৰি টকাভৰ্তি বেগটো সুশান্তৰ ই-ৰিক্সাতে এৰি থৈ যায় আব্দুন নুৰে।
বেগটোৰ ভিতৰত কেৱল টকাই নাছিল, আছিল আধাৰ-পান কাৰ্ড, দুটা মোবাইল, বেংকৰ পাছবুক আৰু অন্য নথি পত্ৰও।

পৰৱৰ্তী সময়ত বেগটোৰ কথা মনত পৰাত আব্দুন নুৰে বিচাৰ খোচাৰ কৰে যদিও ক’তো নাপাই অৱশেষত ফেচবুকত এটা পোষ্ট কৰি বেগটো ওভতাই দিয়াজনক পুৰস্কৃত কৰিব বুলিও কয়।
কিন্তু পিছদিনা ই-ৰিক্সা চালক সুশান্তই ফেচবুকত পোষ্ট নেদেখাকৈয়ে নিজেই বেগটোৰ মালিক আব্দুন নুৰক বিচাৰি উলিয়ায় আৰু টকাভৰ্তি বেগটো ওভতাই দিয়ে।

বেগটো ওভতাই দিয়াৰ সময়ত আব্দুন নুৰে সুশান্তক পুৰস্কৃত কৰিব বিচাৰে যদিও তেওঁৰ পৰা এটকাও ল’বলৈ অস্বীকাৰ কৰে সুশান্তই।
এনদেৰ হেৰুওৱা টকাৰ বেগটো পুনৰ ঘূৰাই পাই আনন্দিত হৈ পৰিছে আব্দুন নুৰ।
সমান্তৰালভাৱে সুশান্তই দেখুওৱা দায়বদ্ধতা আৰু মহানুভৱতাই তেওঁৰ লগতে এতিয়া অলেখ জনৰ হৃদয় জিনিছে।
লগতে চাওকঃ
ভগৱানে সকলো জানে, তেন্তে চিন্তা কিহৰ? চলচ্ছিত্ৰ বঁটা বিতৰ্কৰ পিছত কণ্ঠশিল্পী নাহিদৰ এই পোষ্ট…







Pingback: ভগৱানে সকলো জানে, তেন্তে চিন্তা কিহৰ? চলচ্ছিত্ৰ বঁটা বিতৰ্কৰ পিছত কণ্ঠশিল্পী নাহিদৰ এই পোষ্ট… - NEW