মৰ্মান্তিক! ট্ৰাক আৰু ট্ৰেক্টৰৰ প্ৰচণ্ড সংঘৰ্ষত ৪ জনৰ মৃত্যু, আহত ৩০ জন

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ সীতাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী ট্ৰাক আৰু এখন ট্ৰেক্টৰৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ৩০ জন লোক গুৰুতৰভাৱে আহত হয়।

আহত সকলক স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে। আহত ৪ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

image 115
মৰ্মান্তিক! ট্ৰাক আৰু ট্ৰেক্টৰৰ প্ৰচণ্ড সংঘৰ্ষত ৪ জনৰ মৃত্যু, আহত ৩০ জন 3

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে নিশা প্ৰায় ১ বজাত সীতাপুৰৰ সিধৌলি চহৰৰ বাছ আস্থানৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, হাজাহানপুৰ জিলাৰ ৰৌজা থানাৰ অন্তৰ্গত হাতোদা গাঁৱৰ ৪০ জন লোক ট্ৰেক্টৰ খনেৰে দেৱ শ্বৰীফলৈ গৈ আছিল। নিশা প্ৰায় ১ বজাত ট্ৰেক্টৰখন সিধৌলিত উপস্থিত হৈ চাহ খাবলৈ বাছ আস্থানাৰ ফালে আহি থকাৰ সময়তে সীতাপুৰৰ পৰা আহি থকা এখন দ্ৰুতবেগী ট্ৰাকে ট্ৰেক্টৰখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

image 116
মৰ্মান্তিক! ট্ৰাক আৰু ট্ৰেক্টৰৰ প্ৰচণ্ড সংঘৰ্ষত ৪ জনৰ মৃত্যু, আহত ৩০ জন 4

এই সংঘৰ্ষ ইমানেই ভয়ানক আছিল যে ট্ৰাকৰ খুন্দাত ট্ৰেক্টৰখন কিছু দূৰলৈ উফৰি পৰে। যাৰ ফলত ট্ৰেক্টৰখনত থকা ৪ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত হয় ৩০ জন লোক। আহত সকলক জিলা হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। কিন্তু আহত ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।