বহিঃৰাজ্যলৈ নিবলৈ চেষ্টা কৰোঁতেই ৰে’ল আৰক্ষীৰ অভিযানত জব্দ ৪৫ টাকৈ পালচাৰ বাইকৰ ইঞ্জিন…

চোৰাং সামগ্ৰী সৰবৰাহ কৰাৰ ট্ৰেনজিট পইণ্টত পৰিণত হৈছে গুৱাহাটী ৰেল ষ্টেচন।

ড্রাগছ, চোৰাং সোণ, চুপাৰি, বিদেশী চিগাৰেট আদি সৰবৰাহ কৰাৰ পাছত এইবাৰ ৰে’ল আৰক্ষীৰ অভিযানত গুৱাহাটী ৰেল ষ্টেচনত জব্দ হৈছে ৪৫ টাকৈ বাইকৰ ইঞ্জিন।

বহিঃৰাজ্যলৈ নিবলৈ চেষ্টা কৰোঁতেই ৰে’ল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বাইকৰ ইঞ্জিন কেইটা।

জানিব পৰা মতে, গুৱাহাটী ৰে’ল ষ্টেচনৰ দুই নং প্লেটফৰ্মত দীর্ঘ সময় ধৰি বহু সামগ্ৰী বস্তাৰ ভিতৰত পৰিত্যক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি ৰে’ল যাত্রীসকলে ৰে’ল আৰক্ষীক খবৰ দিয়ে।

গুৱাহাটী ৰে’ল ষ্টেচনৰ ৰে’ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রসেনজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰে’ল ষ্টেচনৰ দুই নং প্লেট ফৰ্মত উপস্থিত হৈ বস্তা সমূহ খুলি চাই পালচাৰ বাইকৰ ইঞ্জিন বুলি জানিব পাৰে।

ৰে’ল আৰক্ষীয়ে বস্তাৰ ভিতৰৰ পৰা সৰ্বমুঠ পালচাৰ বাইকৰ ৪৫টা ইঞ্জিন জব্দ কৰে।

উল্লেখ্য যে, বস্তাসমূহত গুৱাহাটীৰ পৰা আগৰতলালৈ সৰবৰাহ কৰা হ’ব বুলি লিখা আছে বুলি ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়ে।

জব্দকৃত পালচাৰ ইঞ্জিনসমূহ চোৰাং ইঞ্জিন বুলি আৰক্ষীয়ে দাবী কৰিছে।

অৱশ্যে এই সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।