মৰ্মান্তিক! গাড়ী লৈ বজাৰৰ পৰা পাচলি আনিবলৈ গৈছিল দুই ক্ষুদ্ৰ বিক্ৰেতাই, ভয়ংকৰ দুৰ্ঘটনাই কাঢ়ি নিলে প্ৰাণ

নিউজ ডেস্কঃ বজালী জিলাৰ কহৰাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুজনকৈ লোকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন লোক। এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে নলবাৰী জিলাত।

জানিব পৰা মতে, নলবাৰী জিলাৰ কৈঠালকুছি আৰু গোৱৰাদলৰ সমীপৰ ষাঠিকুছিৰ নুৰ মহম্মদ আলী (শুক্ৰা) আৰু উমেশ ডেকা নামৰ পাচলি বিক্ৰেতা দুজনে শাক পাচলি আনিবলৈ বৰপেটালৈ গৈছিল।

সেই সময়তে বজালী জিলাৰ কহৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে শাক-পাচলি আনিবলৈ নিয়া মেক্সিম’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ৰৈ থকা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

photo1661337197
মৰ্মান্তিক! গাড়ী লৈ বজাৰৰ পৰা পাচলি আনিবলৈ গৈছিল দুই ক্ষুদ্ৰ বিক্ৰেতাই, ভয়ংকৰ দুৰ্ঘটনাই কাঢ়ি নিলে প্ৰাণ 2

যাৰ ফলত পাচলি বিক্ৰেতা নুৰ মহম্মদ আলী (৫২)ৰ লগতে মেক্সিম’ বাহনখনৰ মালিক তথা চালক কৈঠালকুছিৰ মাজুতোলাৰ নিৰে্ণ বৰ্মন (২২)ৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় উমেশ ডেকা (৪০)।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে নিহত দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

সন্ধিয়া দুৰ্ঘটনাত নিহত দুয়োজনৰে মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। পেটৰ ভাতমুঠিৰ বাবে দুটা উপাৰ্জন কৰাৰ মানসেৰে বৰপেটাৰ বজাৰলৈ পাচলি কিনিবলৈ যোৱা নুৰ মহম্মদৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়াল। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলায়।