যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰ….

সাহিত্য একাডেমীৰ ২০২২ বৰ্ষৰ যুৱ বঁটা ঘোষণা।

যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰ।

‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক গ্রন্থখনৰ বাবে প্রদ্যুন্ম কুমাৰ গগৈয়ে লাভ কৰিছে এই বঁটা।

অসমীয়া ভাষাত প্রদ্যুন্ম কুমাৰ গগৈলৈ এই বঁটা।

আনহাতে বড়ো ভাষাত আলাংবৰ মুছাহাৰীলৈ আগবঢ়োৱা হৈছে এই বঁটা।

‘গাং ফুজানে মাছে দৌ’ শীৰ্ষক গ্রন্থৰ বাবে এই বঁটা।

আনহাতে সাংবাদিক, লেখক দিগন্ত ওজালৈ সাহিত্য একাডেমীৰ ২০২২ বৰ্ষৰ শিশু সাহিত্য বঁটা।

‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্রন্থৰ বাবে এই বঁটা।

বিশ্ব সাহিত্য, চলচ্চিত্ৰ, সংগীত, শিল্পকলাৰ সৈতে গভীৰ সম্পৰ্ক ৰক্ষা কৰি চলা প্ৰদ্যুম্ন কুমাৰ গগৈ এগৰাকী দক্ষ অনুবাদকো।

২০১৮ চনত গগৈয়ে বিশ্বৰ প্ৰতিষ্ঠিত প’প আৰু ৰকষ্টাৰসকলৰ বিশ্বখ্যাত গানসমূহ অসমীয়ালৈ অনুবাদ কৰি এক নতুন ধাৰা সৃষ্টি কৰিছিল প্রদ্যুন্মই।

প্রদ্যুন্ম গগৈয়ে অনুবাদ কৰা উক্ত বিশ্ববিখ্যাত গানসমূহ ‘ইমাজিন’ নামৰ এখন অনুবাদ গ্ৰন্থত সংকলিত কৰা হৈছে।

২০২১ বৰ্ষৰ ৰাজ্যৰ সন্মানীয় মুনীন বৰকটকী সাহিত্য বঁটাও লাভ কৰিছিল প্রদ্যুন্মই।