অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! গাঁৱৰ ঘৰৰ পৰা উভতি অহাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ৩০০ মিটাৰ দ খাৱৈত বাগৰি পৰিল বাহন, পৰিয়ালসহ মৃত্যু অৱসৰপ্ৰাপ্ত সৈনিকৰ…

নিউজ ডেস্কঃ পৰিয়ালৰ সৈতে গাঁৱৰ ঘৰলৈ গৈ উভতি অহাৰ পথতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী অৱসৰপ্ৰাপ্ত সেনাৰ পৰিয়ালৰ ৪ সদস্যই।

বৃহস্পতিবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰাখণ্ডৰ বাগেশ্বৰত।

জানিব পৰা মতে, ৰমাদিৰ পৰা ছামাৰ অভিমুখে আহি থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৩০০ মিটাৰ দ খাৱৈত বাগৰি পৰাত পৰিয়ালৰ ৪ সদস্যৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন দুজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ বহু সময় প্ৰচেষ্টাৰ অন্তত আহত দুজনক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।

image 45

ইফালে বৰষুণত বিধ্বস্ত হৈ পৰা পথৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ছামাৰ বিন্দুখাটাৰ নিৱাসী অৱসৰপ্ৰাপ্ত সেনা জোৱান দৰ্পন সিঙে বহু বছৰ পিছত পৰিয়ালসহ ৰমাদিত থকা তেওঁৰ গাঁৱৰ ঘৰলৈ গৈছিল।

image 46

বৃহস্পতিবাৰে সন্ধিয়া তেওঁলোকে উভতি অহাৰ সময়তে সংঘটিত দুৰ্ঘটনাটোত দৰ্পন সিঙৰ লগতে পৰিয়ালৰ ৩ মহিলা সদস্যৰ থিতাতে মৃত্যু ঘটে।

উল্লেখ্য যে, যোৱা ৩ ডিচেম্বৰতো ধোলচিনা নৌগাঁৱত সংঘটিত এনে এক দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৪ জন লোকৰ মৃত্যু ঘটিছিল।