ভয়ংকৰ! প্লেটফৰ্মত থিয় হৈ কথা পাতি থাকোতেই ৰে’ল বিষয়াৰ ওপৰত ছিগি পৰিল বিদ্যুৎ পৰিবাহী তাঁৰ, তাৰ পিছত… ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ ৰে’লৱে প্লেটফৰ্মত থিয় হৈ কথা পাতি থকাৰ সময়তে হঠাৎ স্ফুলিংগ নিৰ্গত হ’ল এগৰাকী ৰে’ল বিষয়াৰ দেহৰ পৰা।

লগে লগে ৰে’লৱে প্লেটফৰ্মৰ পৰা বাগৰি ৰে’লৱে ট্ৰেকত পৰি যায় ব্যক্তিগৰাকী।

এনে এক চাঞ্চল্যকৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

এই লোমহৰ্ষক ভিডিঅ’টো পশ্চিম বংগৰ খড়গপুৰ ৰে’ল ষ্টেছনৰ বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, ৰে’ল ষ্টেছনটোৰ ৪ নম্বৰ প্লেটফৰ্মত অইন এজন ব্যক্তিৰ সৈতে থিয় হৈ কথা পাতি আছিল ৰে’লৱেৰ টিটিই সুজান সিং চৰ্দাৰে।

সেই সময়তে ৰে’লৱে প্লেটফৰ্মৰ এডাল হাই ভল্টেজ তাঁৰ ছিগি ৰে’ল বিষয়াগৰাকীৰ গাৰ ওপৰত পৰাত তেওঁৰ দেহৰ পৰা ক্ষন্তেকৰ বাবে স্ফুলিংগ নিৰ্গত হয়।

যাৰ পিছত তেওঁ বাগৰি একেবাৰে ৰে’লৱে ট্ৰেকত পৰি যায়।

পৰৱৰ্তী সময়ত ৰে’ল বিষয়াগৰাকীক উদ্ধাৰ কৰি ষ্টেছন কৰ্তৃপক্ষই ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱায়।

বৰ্তমান সুজান সিং চৰ্দাৰৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।

ইফালে এই ঘটনাৰ বাবে তদন্তৰ নিৰ্দেশ দিছে ৰে’ল বিভাগে।