মৰ্মান্তিক! কৃষিকৰ্ম সম্পন্ন কৰি ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত ৯ জন কৃষকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন যাত্ৰীবাহী বাছৰ সৈতে অটােৰিক্সাৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু ৯ গৰাকী অটােৰিক্সা আৰােহীৰ।

এই দুৰ্ঘটনা মংগলবাৰে বিয়লি সংঘটিত হয় পশ্চিমবংগৰ বীৰভূম জিলাত।

G1 1
মৰ্মান্তিক! কৃষিকৰ্ম সম্পন্ন কৰি ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত ৯ জন কৃষকৰ কৰুণ মৃত্যু 2

জানিব পৰা মতে, ৰামপুৰহাট আৰক্ষী থানাৰ তেলদা গাঁৱৰ সমীপত পৰিবহন বিভাগৰ এখন যাত্ৰীবাহী বাছ আৰু এখন অটোৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰাণীগঞ্জ-মােৰগ্ৰাম ৰাষ্ট্ৰীয় ঘাইপথ নং ১৪ ত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

মৃতকসকলৰ ঘৰ ১ নং ৰামপুৰহাটৰ কাষ্টগোৰা পঞ্চায়তৰ পৰাকান্দি গাঁৱত বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ধান ৰোপণৰ কাম সম্পূৰ্ণ কৰি গাঁৱলৈ উভতি আহিছিল অট’খনত থকা যাত্ৰীসকল।

তেনে সময়তে সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনা।