ভয়ংকৰ ঘটনা! নিশা ৰাজপথত দপদপকৈ জ্বলি উঠিল ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেন্স…

এক ভয়ংকৰ ঘটনা।

নিশা ৰাজপথত দপদপকৈ জ্বলি উঠিল ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেন্স।

কথমপি প্ৰান ৰক্ষা পৰে এম্বুলেঞ্চত থকা ৰোগী আৰু চালকৰ।

নগাঁৱৰ কাৱৈমাৰীত পেট্ৰল ডিপো সন্মুখত সংঘটিত হয় এই ঘটনা।

জ্বলি উঠা এম্বুলেঞ্চ খনৰ নম্বৰ হৈছে এ এছ ০১ জে চি ৭২২০।

অগ্নিকাণ্ডৰ ফলত এম্বুলেন্স খন সম্পূৰ্ণ ভাবে জ্বলি যায়।

অৱশেষত স্থানীয় লোকৰ তৎপৰতাত এম্বুলেন্স খনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে এম্বুলেন্স খন দগাঁৱৰ পৰা ৰোগী লৈ নগাঁৱলৈ আহিছিল।

যান্ত্ৰিক বিজুতিৰ বাবে এম্বুলেঞ্চ খন জ্বলি উঠা বুলি সন্দেহ কৰা হৈছে।