মৰ্মান্তিক! কলেজলৈ বুলি আহি ষ্টেচনত নমাৰ সময়তে ভৰি পিচলি প্লেটফৰ্মৰ ফাঁকত আৱদ্ধ হ’ল ২০ বৰ্ষীয় শশীকলা, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ ৰে’লৰ পৰা নমাৰ সময়তে ষ্টেচনত ৰে’ল আৰু প্লেটফৰ্মৰ মাজৰ ফাঁকত আৱদ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ২০ বৰ্ষীয় যুৱতীগৰাকীয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ দুৱভাড়া ৰে’লৱে ষ্টেচনত।

উল্লেখ্য যে, বুধবাৰে ষ্টেচনত গুণ্টুৰ-ৰায়গড়া এক্সপ্ৰেছৰ পৰা নমাৰ সময়তে ভৰি পিচলি প্লেটফৰ্ম আৰু ৰে’লৰ মাজৰ ফাঁকত আৱদ্ধ হৈ গুৰুতৰভাৱে আহত হৈছিল শশীকলা নামৰ এগৰাকী ২০ বছৰীয়া যুৱতী।

image 43
মৰ্মান্তিক! কলেজলৈ বুলি আহি ষ্টেচনত নমাৰ সময়তে ভৰি পিচলি প্লেটফৰ্মৰ ফাঁকত আৱদ্ধ হ’ল ২০ বৰ্ষীয় শশীকলা, হাস্পতালত মৃত্যু 3

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক ৰে’ল সুৰক্ষা বাহিনীয়ে প্ৰায় ডেৰ ঘণ্টা সময় প্ৰচেষ্টা চলাই উদ্ধাৰ কৰাৰ পিছত হাস্পতালত ভৰ্তি কৰা হয় যদিও বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে শশীকলাৰ।

জানিব পৰা মতে, এমচিএৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল শশীকলা। বুধবাৰে ছাত্ৰীগৰাকীয়ে কলেজলৈ বুলি অন্নৱৰামৰ পৰা দুৱভাড়াত নমাৰ সময়তে সংঘটিত হয় এই শোকাবহ ঘটনা।

image 44
মৰ্মান্তিক! কলেজলৈ বুলি আহি ষ্টেচনত নমাৰ সময়তে ভৰি পিচলি প্লেটফৰ্মৰ ফাঁকত আৱদ্ধ হ’ল ২০ বৰ্ষীয় শশীকলা, হাস্পতালত মৃত্যু 4

শশীকলা ৰে’লৱে প্লেটফৰ্মৰ আৱদ্ধ হোৱাৰ পিছত ৰে’ল সুৰক্ষা বাহিনী আৰু উদ্ধাৰকাৰী দলে প্লেটফৰ্মৰ এটা অংশ ভাগি ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কিন্তু অধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু ঘটে ছাত্ৰীগৰাকীৰ।