গুজৰাটত পৰাজিত হৈও কেজৰিৱালৰ মুখত সন্তুষ্টিৰ হাঁহি, কিন্তু কিয়…

নিউজ ডেস্কঃ আজি ঘোষণা হোৱা দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনে দিনটো দৃষ্টি আকৰ্ষণ কৰি ৰাখিছে দেশবাসীক।

গুজৰাটত ২৭ বছৰৰ শাসনৰ পিছত পুনৰ এবাৰ অভিলেখ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন প্ৰায় নিশ্চিত হৈ পৰিছে বিজেপিৰ বাবে।

দেশৰ দুই মুখ্য নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত বিজেপিৰ এই অভিলেখ জয়ে বিজেপিৰ নেতা-কৰ্মী সকলোকে উল্লাসিত কৰিছে।

অৱশ্যে হিমাচল প্ৰদেশৰ নিৰ্বাচনত বিগত ৫ বছৰীয়া চৰকাৰৰ অৱসান ঘটাই এইবাৰ জয়ৰ ধ্বজা উৰুৱাবলৈ একপ্ৰকাৰ সাজু হৈছে কংগ্ৰেছ। ইতিমধ্যে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগো কৰিছে জয়ৰাম ঠাকুৰে।

তাৰ মাজতে দুয়োখন ৰাজ্যৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিক লৈ আজি চলিছে চৰ্চা।

হিমাচল প্ৰদেশত আম আদমী পাৰ্টীয়ে প্ৰায় শূণ্য প্ৰদৰ্শন কৰিলেও গুজৰাটত প্ৰায় ১২ শতাংশ ভোট লাভ কৰি ইতিমধ্যে ৰাষ্ট্ৰীয় দল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

যাৰ বাবে গুজৰাট আৰু দেশবাসীক ধন্যবাদো জ্ঞাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’ডিয়াই।

উল্লেখ্য যে, ২০১৭ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত আপে ২৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও এখনতো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

কিন্তু এইবাৰ ন উদ্যমেৰে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ আম আদমী পাৰ্টীয়ে দিনটোৰ শেষলৈকে গুজৰাটত ১২ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে।

গুজৰাট নিৰ্বাচনত বিজেপি বনাম আপৰ যুঁজ কৰিবলৈ চেষ্টা কৰি অৱতীৰ্ণ হোৱা আম আদমী পাৰ্টীয়ে নিজকে কংগ্ৰেছৰ বিকল্প হিচাপে গুজৰাটত দ্বিতীয় স্থান দখলৰ সপোন দেখিছিল যদিও সেয়া বাস্তৱ নহ’লেও এতিয়া ৰাষ্ট্ৰীয় দল হিচাপে পৰিচয় লাভ কৰিছে।

উল্লেখ্য যে, এটা দলক ৰাষ্ট্ৰীয় দল হিচাপে ঘোষণা কৰিবলৈ ৪ খন ৰাজ্যৰ ৰাজ্যিক দল হিচাপে চিহ্নিত হোৱা জৰুৰী।

আনহাতে এটা দল ৰাজ্যিক দল হ’বলৈ হ’লে নিৰ্বাচনত কমেও ৬ শতাংশ ভোট আৰু ২ খন আসনত জয়লাভ কৰাটো বাধ্যতামূলক।

বৰ্তমান দিল্লী আৰু পঞ্জাৱত আম আদমী পাৰ্টীয়ে শাসন চলাই আছে। আনহাতে শেহতীয়া গোৱা বিধানসভা নিৰ্বাচনতো দলটোৱে আশানুৰূপ প্ৰদৰ্শন কৰি ৰাজ্যিক দল হিচাপে পৰিচয় লাভ কৰিছিল।

তাৰ পিছতে গুজৰাটতো দলটোৱে এই দেওনা অতিক্ৰম কৰি এতিয়া ৰাষ্ট্ৰীয় দলৰ পৰিচয় লাভ কৰিছে।

যাৰ বাবে গুজৰাটত পৰাজিত হৈও এতিয়া সন্তুষ্টিৰ হাঁহি মাৰিছে অৰবিন্দ কেজৰিৱাল আৰু দলৰ অন্যসকল নেতাই।

মনীষ ছিছ’ডিয়াই টুইটযোগে গুজৰাটবাসীক ধন্যবাদ জনায় কয় যে এতিয়া আম আদমী পাৰ্টী ৰাষ্ট্ৰীয় দল হৈ পৰিছে। ইয়াৰ অৰ্থ এতিয়াৰে পৰা স্বাস্থ্য আৰু শিক্ষা এক ৰাষ্ট্ৰীয় বিষয় হিচাপে পৰিগণিত হ’ব।