চাঞ্চল্যকৰ! ভাৰতৰ হোটেলত দুদিনৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ ৰাছিয়ান সাংসদ আৰু বন্ধুৰ মৃতদেহ…

নিউজ ডেস্কঃ মাত্ৰ দুদিনৰ ভিতৰতে একেখন হোটেলত দুগৰাকী বিদেশী পৰ্যটকৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ওড়িশাৰ ৰায়গড়া জিলাৰ এখন হোটেলত দুদিনৰ ব্যৱধানত ৰহস্যজনকভাৱে মৃত্যু ঘটিছে দুগৰাকী ৰাছিয়ান নাগৰিকৰ।

আৰক্ষীয়ে প্ৰাথমিক তদন্তত দুয়োজনৰে মৃত্যু আত্মহত্যা বুলি মন্তব্য কৰিলেও বিদেশী পৰ্যটক দুগৰাকীৰ মৃত্যুক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ।

উল্লেখ্য যে, ভাৰত ভ্ৰমণলৈ অহা ৰাছিয়াৰ পৰ্যটক দুজনে ৰায়গড়াৰ এখন হোটেলত বাহৰ পাতি আছিল।

কিন্তু যোৱা ২২ ডিচেম্বৰত হোটেলখনৰ প্ৰথম মহলাৰ এটা কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ হয় ভ্লাদিমিৰ বিডেনভৰ নামৰ পৰ্যটকগৰাকীৰ।

আনহাতে ভ্লাদিমিৰৰ মৃত্যুৰ মাত্ৰ দুদিন পিছতে অৰ্থাৎ ২৪ ডিচেম্বৰত একেখন হোটেলৰ পুলত তেজেৰে তুমুৰলি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ সৈতে একেলগে ভাৰতলৈ অহা পাভেল এণ্টভ নামৰ পৰ্যটকগৰাকীৰো মৃতদেহ।

জানিব পৰা মতে, পাভেল এণ্টভ ৰাছিয়াৰ এজন সাংসদ আছিল। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত তেওঁ হোটেলৰ তিনি মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, সহযাত্ৰী ভ্লাদিমিৰৰ মৃত্যুৰ পিছত মানসিকভাৱে ভাগি পৰিছিল পাভেল। যাৰ বাবেই তেওঁ আত্মহত্যাৰ দৰে পথ বাচি লয়।

কিন্তু লক্ষণীয়ভাৱে পাভেল এণ্টভ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এজন কট্টৰ সমালোচক হিচাপেও পৰিচিত আছিল।

মৃত্যুৰ মাত্ৰ দুদিন পূৰ্বে ইউক্ৰেইনৰ ওপৰত সংঘটিত কৰা আক্ৰমণৰ প্ৰসংগত ৰাষ্ট্ৰপতি পুটিনক তীক্ষ্ণ সমালোচনা কৰি এটা পোষ্ট কৰিছিল এণ্টভে।

আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সমালোচনা কৰা সকলক এনেদৰেই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাই অহা হৈছে বুলি সমালোচকসকলে দাবী কৰি আহিছে।

এনে পৰিপ্ৰেক্ষিতত ভ্লাদিমিৰ বিডেনভৰ আৰু পাভেল এণ্টভৰ মৃত্যুক লৈও সৃষ্টি হৈছে ৰহস্যৰ।