অসমীয়াঅসম

মৰিগাঁৱত ব্ৰহ্মপুত্ৰ আৰু উপনৈ সমূহত ১৪৪ ধাৰা জাৰি

নিউজ ডেস্কঃ ৰাজ্যৰ সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতিৰ। ধাৰাবাহিক বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে।

ইতিমধ্যে বানৰ কবলত পৰিছে কেইবা শতাধিক পৰিয়াল। আতংকৰ সৃষ্টি হৈছে ডিমা হাচাওত।

বানৰ এই ভয়ংকৰ ৰূপ আৰু দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ আৰু উপনৈ সমূহত ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে।

boat morigaon

এই অনুসৰি, নৈসমূহত ইঞ্জিনযুক্ত ফেৰী চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

জিলা প্ৰশাসনে সদৰী কৰা মতে, ১৪৪ ধাৰা জাৰি হৈ থকা পৰ্যন্ত কোনোৱেও ব্ৰহ্মপুত্ৰ আৰু উপনৈ সমূহত ইঞ্জিনযুক্ত নাও বা ফেৰী চলাব নোৱাৰিব।

নৈসমূহৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সংঘটিত হ’বপৰা যিকোনো দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *