অসম

ভয়াৱহ বান পৰিস্থিতি, কাছাৰত একপ্ৰকাৰ লকডাউন ঘোষণা…

বছৰটোৰ প্ৰথমটো বানত আক্ৰান্ত ৰাজ্যবাসী।

ক্ৰমাৎ জটিল হৈ পৰা বানপানীৰ কবলত পৰিছে ৰাজ্যৰ ২৬ খনকৈ জিলাৰ লাখ লাখ লোক।

তথ্য অনুসৰি ২৬ খন জিলাৰ প্ৰায় ৬ লাখ লোক এতিয়া বানৰ কবলত।

বান পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে কাছাৰতো।

ইতিমধ্যে কাছাৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে।

image 30

১৯ আৰু ২০ মে’ত বন্ধ থাকিব কাছাৰৰ সকলো শিক্ষানুষ্ঠান।

লগতে জিলা প্ৰশাসনে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

বুধবাৰে নিশা জিলা ম্যাজিস্ট্রেট কীৰ্তি জল্লীয়ে জাৰি কৰা এক নিৰ্দেশনাত সৰু যান বাহনৰ চলাচল নিষিদ্ধ ঘোষণা কৰা হৈছে।

২০০৫ চনৰ ডিজাষ্টাৰ ম্যানেজমেন্ট এক্টৰ ৩০(২) আৰু ৩৪(খ) ধাৰা অনুসাৰে বাইক, ই ৰিক্সা, অটো, চাৰি চকীয়া বাহন চলাচল নিষিদ্ধ কৰা হৈছে৷

প্ৰয়োজন অবিহনে চলাচল কৰিব নোৱাৰিব এই যান বাহন সমুহ৷

বৃহস্পতিবাৰৰ ৰাতিপুৱা ছবজাৰ পৰা সমগ্র জিলাতে কার্যকৰী হব এই নিৰ্দেশ।

Leave a Reply

Your email address will not be published. Required fields are marked *