অসম

মোৰ ল’ৰাটোক মাৰি পেলাব নালাগিছিল, দেউতাকে বহুত কষ্ট কৰি তাক ডাঙৰ কৰিছিল- সঞ্জীৱৰ মাতৃ

আলফাৰ দুজনকৈ সদস্যক মৃত্যুদণ্ড।

চোৰাংচোৱাৰ অভিযোগত সঞ্জীৱ শৰ্মাক আৰু ধনজিৎ দাস ওৰফে ৰূপক অসমক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে।

আলফাৰ এই সিদ্ধান্তৰ খবৰৰ পিছতে হাহাকাৰ লাগিছে সঞ্জীৱ আৰু ধনজিতৰ পৰিয়ালৰ মাজত।

কোনোবাই নিজৰ সন্তান আৰু কোনোবাই নিজৰ স্বামীক হেৰুৱাই হিয়াধাকুৰি কান্দিছে।

সঞ্জীৱ শৰ্মাৰ ঘৰৰ এই খবৰ পোৱাৰ মাত্ৰকে কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দি উঠিছে সঞ্জীৱৰ দুখুনী মাতৃয়ে।

711

মাতৃয়ে কান্দি কান্দি কেমেৰাৰ আগত কয়- আলফাই মোৰ ল’ৰাটো মাৰি পেলালে। মোৰ ল’ৰাটোক মাৰি পেলাব নালাগিছিল। আপোনালোকে কিয় এনে সিদ্ধান্ত ল’লে।

তেওঁ কয়- পিতাকে বহুত কষ্ট কৰি ল’ৰাটো ডাঙৰ কৰিছিল। কিন্তু নুবুজা কাৰণে ঘৰখনৰ পৰা সি ওলাই গ’ল। আপোনালোকে ইমান ভুল কৰিব নালাগিছিল। অনন্ত কেইটামান দিন ৰাখিব লাগিছি। দেউতাকে বাহিৰলৈ ওলাই গৈছে হাজিৰা কৰিবলৈ। দেউতাকে গম পালে কি অৱস্থা হ’ব। আহিনত তাৰ জন্মদিন আছিলে।

তেওঁ আৰু কয়- পৰেশ বৰুৱাক বাৰে বাৰে অনুৰোধ কৰিছিলো। তেওঁ বুজিবলৈ চেষ্টা নকৰিলে।

ইপিনে এই খবৰ লাভ কৰি সঞ্জীৱৰ পিতৃয়ে কয়- পৰেশ বৰুৱা ভগৱান নহয়।‘মোৰ পুত্ৰক মৃত্যুদণ্ড দিয়াৰ বাবে পৰেশ বৰুৱাক অভিশাপ দিছো। তেওঁৰো এদিন এনেকৈ ল’ৰা মৰিব। পেটৰ ভোকৰ বাবেহে গৈছিল আলফা (স্বাঃ)লৈ।

লগতে চাওকঃ

আলফাৰ দুজনকৈ সদস্যক মৃত্যুদণ্ড! চোৰাংচোৱাৰ অভিযোগত সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড

707

Leave a Reply

Your email address will not be published. Required fields are marked *