মোৰ এতিয়াও বয়স আছে, মই ৪০ বছৰলৈকে খেলিব পাৰিমঃ মেৰীকম…

টকিঅ’ অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্তব্ধ হয় উত্তৰ-পূৰ্বাঞ্চলৰ বক্সাৰ মেৰী কম।

কিন্তু তথাপিও যেন মনোবল হ্ৰাস হোৱা নাই ৬ বাৰৰ বিশ্ব চেম্পিয়ন ‘মেগনিফিচেণ্ট’ মেৰী কমৰ।

ৰাষ্ট্ৰীয় নিউজ এজেন্সি এটাক দিয়া সাক্ষাতকাৰত মেৰী কমে কয়- ‘মোৰ এতিয়াও বয়স আছে, মই ৪০ বছৰলৈকে খেলিব পাৰিম।’

উল্লেখ্য যে মেগনিফিচেণ্ট মেৰী কমে টকিঅ’ অলিম্পিকত ৫১ কিলোগ্ৰাম শাখাত কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়াৰ তৃতীয় শ্ৰেণীৰ ইংগ্ৰিট ভেলেন্সিয়াৰ হাতত পৰাজিত হৈছিল।

বয়সক এটা সংখ্যা বুলি গণ্য কৰা মেৰী কমৰ বয়সেই এইক্ষেত্ৰত হৈ পৰিব হেঙাৰ হ’ব বুলি একাংশ সংবাদমাধ্যমত চলিছিল চৰ্চা।

উল্লেখ্য যে, দেশৰ বক্সিং জগতখনলৈ নৱ জাগৰণ আনিবলৈ সক্ষম হৈছিল মেৰী কম। তেওঁক আদৰ্শ হিচাপে লৈয়ে বক্সিঙৰ ৰিঙলৈ আগবাঢ়ি আহিছে অনেক ভাৰতীয় ছোৱালী। টকিঅ’ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা অসমৰ লাভলীনা, পূজাৰাণী এই মেৰী কমৰে ফচল। মেৰী কমেই তেওঁলোকৰ আদৰ্শ।


বয়সৰ জোখাৰে ৩৮ বছৰ অতিক্ৰম কৰা মেৰী কমে অলিম্পিকৰ পূৰ্বে তেওঁৰ বয়সৰ কথা উনুকিয়াই কৈছিল এইদৰে- ‘মই নিশ্চিত যে ইচ্ছা কৰিলেও মোক ২০২৪ চনৰ অলিম্পিকত ভাগ লবলৈ অনুমতি দিয়া নহ’ব।’

বয়সক কেৱল এটা সংখ্যা হিচাপে গণ্য কৰা মেৰী কমে ইচ্ছা কৰিলেও অলিম্পিক খেলিব নোৱাৰিব। কিয়নো অলিম্পিকত অংশগ্ৰহণৰ বয়সৰ শেষ সীমা ৪০ বছৰ। কৰ’ণা ভাইৰাছৰ বাবে এই সংখ্যা ৪১ লৈ বৃদ্ধি কৰা হৈছে। পেৰিছ অলিম্পিকত মেৰী কমৰ বয়সে ৪১ অতিক্ৰম কৰিব।

Leave a Comment