অসম

ছিঙি থকা বিদ্যুত পৰিবাহী তাৰত লাগি হালৰ গৰুৰ সৈতে কৰুণ মৃত্যুক সাৱটিলে এজন কৃষকে…

এক শোকাৱহ ঘটনা!

হালৰ গৰু লৈ পুৱাই পথাৰলৈ ওলাই যোৱা কৃষকে সাৱটিলে কৰুণ মৃত্যুক।

ছিঙি থকা বিদ্যুত পৰিবাহী তাৰত লাগি হালৰ গৰুৰ সৈতে কৰুণ মৃত্যুক সাৱটিলে এজন কৃষকে।

মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰ কার্যলয়ৰ সমীপতে কুমৈত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে কান্ধত নাঙল যুঁৱলী লৈ পথাৰত হাল বাবলৈ গৈ থকা সময়তে পথৰ ওপৰত ছিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি কৰুণ মৃত্যু হয় কুমৈ ঠাকুৰ গাঁৱৰ শিৱ গগৈ নামৰ কৃষক জনৰ।

পুৱা প্ৰায় ৪.৩০ মান বজাত নিজৰ গৰুহাল লৈ হাল বাবলৈ যাওঁতে এই ঘটনা সংঘটিত হয়।

ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হ’বলৈ পালে।

কৃষকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত।

Leave a Reply

Your email address will not be published. Required fields are marked *