ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত সোমাল বিলাসী বাহন, আহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত সোমাল এখন বিলাসী বাহন।

দুৰ্ঘটনাটোৰ ফলত আহত হৈছে দুজনকৈ লোক।

জানিব পৰা মতে, গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী এএছ০৩ এক্স৪৬৭৪ নম্বৰৰ বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে।

ফলত বাহনখনত থকা চালকসহ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে গুৱাহাটী দিশৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰি আহত দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।