মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ মুখতাৰ আব্বাছ নকৱী, আৰপিচি সিঙৰ…

নিউজ ডেস্কঃ মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকৱী আৰু আৰ চি পি সিঙে। বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদ দুগৰাকীৰ কাৰ্যকাল অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত সাংবিধানিক বাধ্যবাধকতা পূৰণৰ বাবে বুধবাৰে মন্ত্ৰীপদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰে দুয়োগৰাকীয়ে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালত মুখতাৰ আব্বাছ নকৱী সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে আৰ চি পি সিং আছিল ষ্টীল মন্ত্ৰী।

সূত্ৰ অনুসৰি বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কেবিনেট বৈঠকত দেশৰ উন্নয়নত নকৱী আৰু সিঙে আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা কৰে।

ইফালে কেবিনেট বৈঠকৰ অলপ সময়ৰ পিছতে নাকৱীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰে।

বাতৰি অনুসৰি, আগষ্টত হ’বলগীয়া নিৰ্বাচনৰ বাবে বিজেপিয়ে নকৱীক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা আছে। আনহাতে নকৱীক কোনো ৰাজ্যৰ ৰাজ্যপাল পদৰ বাবে মনোনীত কৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে একাংশই।