মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ কুৰিয়াৰ যোগে বাৰ্ণল পঠিয়াব অংকিতা দত্তই, কাৰণ…

নিউজ ডেস্কঃ ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কুৰিয়াৰযোগে বাৰ্ণল উপহাৰ দিব যুৱ কংগ্ৰেছে। – এই মন্তব্য অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ।

ৰাজ্য চৰকাৰৰ নৱ নিযুক্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কঠোৰ ভাষাৰে সমালোচনা কৰি অংকিতা দত্তই তেওঁক চৰ্ট টেম্পাৰৰ মানুহ বুলিও অভিহিত কৰে।

এক সংবাদমেল সম্বোধন কৰি যুৱ কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে জয়ন্ত মল্ল বৰুৱাক সমালোচনা কৰি কয়, ‘জয়ন্ত মল্ল বৰুৱা শ্বৰ্ট টেম্পাৰ, মেম’ৰী লষ্ট মানুহ। গজিনী তেওঁ। জয়ন্ত মল্ল বৰুৱাই বহুত সোনকালে কথা পাহৰে।’

ankita jayanta
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ কুৰিয়াৰ যোগে বাৰ্ণল পঠিয়াব অংকিতা দত্তই, কাৰণ… 2

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ কুৰিয়াৰ কৰি যুৱ কংগ্ৰেছে বাৰ্ণল উপহাৰ দিব বুলিও মন্তব্য কৰে অংকিতা দত্তই। আনহাতে কংগ্ৰেছে বানাক্ৰান্তক কৰা সহায় জয়ন্ত মল্ল বৰুৱাই সহ্য কৰিব পৰা নাই বাবে তেওঁলৈ ডাইজিনও প্ৰেৰণ কৰিব বুলি কটাক্ষ কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে।

অংকিতা দত্তই কয়, ‘বানৰ মাজত ককবকাই থকা লোকসকলে বৰ্তমান বহু সমস্যাৰ সন্মুখীন হৈছে। বৰাকৰ বহু অঞ্চলক আজিও পানী শুকুওৱা নাই। মহিলাসকলে মাহেকীয়া ঋতুৰ সময়ত সন্মুখীন হোৱা অসুবিধা দূৰ কৰাত চৰকাৰ ব্যৰ্থ হৈছে। পানীৰ মাজত অনেক কষ্টেৰে জীৱন অতিবাহিত কৰিবলগা হৈছে মহিলাসকলে।’

আনহাতে বান সাহায্যৰ নামত কংগ্ৰেছে নে বিজেপিয়ে প্ৰচাৰ কৰে বুলি প্ৰশ্ন উত্থাপন কৰি অংকিতা দত্তই অভিযোগ কৰে যে বিজেপিয়েহে ৰাজহুৱা ধন খৰছ কৰি বান সাহায্যৰ নামত প্ৰচাৰ চলাইছে।