অসম

মেট্ৰিক পৰীক্ষা সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য, কি ক’লে…?

মেট্ৰিক পৰীক্ষা সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য।

প্ৰশ্ন কাকত সন্দৰ্ভত পৰীক্ষাৰ্থীয়ে কোনো ভয় কৰাৰ কোনো কাৰণ নাই বুলি মন্তব্য শিক্ষামন্ত্ৰীৰ।

উল্লেখ্য যে, ২০২১ বৰ্ষত ছপা কৰা প্ৰশ্নকাকত আৰু উত্তৰ বহীৰে এইবাৰ অনুষ্ঠিত হ’ব আগন্তুক মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা।

ছেবাই এই ঘোষণা কৰাৰ পাছতে একপ্ৰকাৰ হাহাকাৰ লাগিছে ছাত্ৰ-ছাত্ৰীৰ মাজত।

কিন্তু তাকে লৈ কোনো ধৰণৰ ভয় কৰাৰ কাৰণ নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

শিলচৰত সাংবাদিকেৰে হোৱা সাক্ষাতত মন্ত্ৰীগৰাকীয়ে কয়- ৪০ শতাংশ পাঠ্যক্ৰম কৰ্তনেৰে কেৱল ৬০ শতাংশ পাঠ্যক্ৰমেৰেই অনুষ্ঠছিত হব এইবাৰৰ পৰীক্ষা। বিগত বৰ্ষতো সেই একেই ৬০ শতাংশ পাঠ্যক্ৰমৰ ওপৰতেই প্ৰশ্ন কাকত আছিল।

বিগত বৰ্ষত আৰম্ভণিতে ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছিল। পাছলৈ কৰণাৰ পৰিস্থিত হ্ৰাস নোহোৱাৰ ফলত শেষলৈ পুৱৰ ১০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হয়। শেষত মুঠ ৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰি প্ৰশ্ন কাকত ছপা কৰা হয়।

শিক্ষামন্ত্ৰী গৰাকীয়ে কয়- প্ৰাকৃতিক সম্পদৰ অপব্যাৱহাৰ ৰোধ কৰাৰ বাবেই ছেবাই ২০২১ বৰ্ষৰ ব্যাৱহাৰ নোহোৱাকৈ থাকি যোৱা প্ৰশ্নকাকত আৰু উত্তৰ বহীৰে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *