মেঘালয়ত অসমৰ গাড়ী চালকক গুলীয়াই হত্যা।
মেঘালয়ৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে অসমৰ এগৰাকী গাড়ী চালকক হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে।
মেঘালয়ত হত্যাৰ বলি হোৱা অসমৰ যুৱকজনৰ নাম অলক দাস বুলি জানিব পৰা গৈছে।
অলক দাসৰ ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ দোহালিয়াত বুলি সূত্ৰত প্ৰকাশ পাইছে।
অলক দাসে অনুপ ট্ৰেড ট্ৰেন্সপোৰ্ট প্ৰাইভেট লিমিটেডৰ অধীনত অৰুণাচল প্ৰদেশৰ পৰা ট্ৰাকেৰে চাউল লৈ বৰাকৰ উদ্দেশ্যে ৰাওনা হৈছিল।
মেঘালয়ৰ জোৱাই অঞ্চল পোৱাৰ পাছতে অলক দাসে চলাই অহা গাড়ীখন অন্যান্য গাড়ীবোৰৰ সৈতে ওজন কৰা হয় আৰু গাড়ীতে অলক দাসে নিশাৰ আহাৰ খাই জিৰণি লয়।
নিশা শুই থকাৰ সময়তে গাড়ী চালক অলকক কোনো দুৰ্বৃত্তই গাড়ীৰ পৰা মাতি নি গুলিয়াই হত্যা কৰে।
মেঘালয় আৰক্ষীয়ে নিশা দুৰ্বৃত্তই গাড়ীখন হাইজেক কৰিবলৈ চেষ্টা কৰিয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি ধাৰণা কৰিছে।
বৰ্তমান মেঘালয় আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।









