মমতা বেনার্জীক চেলেঞ্জ ভৱেশ কলিতাৰঃ দম আছে যদি অসমত নিৰ্বাচন খেলক…

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীক চেলেঞ্জ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।

ভৱেশ কলিতাই কয়- ‘মমতা বেনার্জীৰ দম আছে যদি অসমত আহি নির্বাচন খেলক আৰু মুখ্যমন্ত্রী হওক৷’ 

সোমবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সভাপতি কলিতাই।

শেহতীয়াকৈ অখিল গগৈ মমতা বেনার্জীৰ লগ হোৱাপ প্রসংগত ভৱেশ কলিতাই কয়- ‘হাজাৰ অখিল লগ লাগক অসমত মমতা বেনার্জীৰ দল কেতিয়াও সফল হ’ব নোৱাৰে৷ অসমত তেওঁলোকৰ কোনো কাম নহয়৷

আনহাতে অহা বাৰ অখিল গগৈ নির্বাচনত নিজেই হাৰিব বুলি উল্লেখ কৰে সভাপতি কলিতাই।

ইপিনে সুস্মিতা দেৱৰ কংগ্রেছ ত্যাগৰ প্রসংগতো সভাপতি কলিতাই কয় যে কংগ্রেছে এতিয়া দলৰ খহনীয়া কেনেদৰে ৰোধ কৰিব, সেই সুৰক্ষাৰ বিষয়ে ভবা উচিত৷

Leave a Comment